নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতি উন্নত হ’লে ১৫ ছেপ্টেম্বৰৰ পৰা আন শ্রেণীৰ পাঠদান

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হৈ অহাৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহ অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা পর্যায়ক্রমে খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে অহা ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ অন্তিমবর্ষৰ শ্রেণীসমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ বাবে ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ শিক্ষার্থীসকলে ক’ভিডৰ প্রথমটো ভেকচিন লোৱাটো বাধ্যতামূলক৷ শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলে ক’ভিড ভেকচিন ল’ব লাগিব৷

প্রথম পালি ভেকচিন গ্রহণ কৰা শিক্ষার্থীহে শ্রেণীত উপস্থিত থাকিব পাৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত আজিৰ পৰা অহা ৫ ছেপ্টেম্বৰৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া, জিলা প্রাথমিক শিক্ষা বিষয়া, বিদ্যালয়পৰিদর্শক কার্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ক’ভিডৰ মেগা ভেকচিন শিবিৰ অনুষ্ঠিত হ’ব৷ সেইদৰে ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহ খোলাৰ ক্ষেত্রতো কেবিনেটে মত পোষণ কৰাৰ উল্লেখ কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে ছাত্রাৱাস–ছাত্রী নিৱাস খোলাৰ ক্ষেত্রত আৱাসীসকলে ক’ভিডৰ দুয়োটা পালি ভেকচিন গ্রহণ কৰিব লাগিব৷

তেতিয়াহে ছাত্রাৱাস–ছাত্রী নিৱাসসমূহ খুলি দিয়া হ’ব৷ শিক্ষানুষ্ঠান খোলা সম্পর্কত অহা ৩১ আগষ্ট বা তাৰ পূর্বেই শিক্ষা বিভাগে এছ’পি প্রকাশ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, ক’ভিড পৰিস্থিতিৰ অধিক উন্নতি ঘটিলে অহা ১৫ ছেপ্টেম্বৰৰ পৰা অন্যান্য শ্রেণীসমূহো পর্যায়ক্রমে আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ৰাজ্য চৰকাৰৰ এক সূত্রই আৰু কয় যে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াতো মুকলি হ’ব৷ ৫০ শতাংশ যাত্রীৰে বাছ–মটৰৰ চলাচল আৰম্ভ হ’ব৷ সান্ধ্য আইনৰ সময়ো হ্রাস পাব৷

You might also like