নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুবেৰ কা খাজানাঃ বৰপেটাত চাইবুৰৰ বহু মহলীয়া অট্টালিকা, পেট্র’ল পাম্প ১০০ বিঘা কৃষিভূমি, ৩০খন দোকান

ধনকুবেৰ বিষয়াৰ সম্পত্তিৰ তথ্যত স্তম্ভিত তদন্তকাৰী দল

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰি আৰক্ষীৰ জালত পৰা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ উপ–সচিব চাইবুৰ ৰহমানৰ এটাৰ পাছত এটা সম্পত্তিৰ ক্ষেত্রত আৰম্ভ হৈছে তালাচী অভিযান৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই কালি গুৱাহাটীত দুটাকৈ প্রাসাদোপম অট্টালিকাত অভিযান চলাই দ’মে দ’মে সোণ–হীৰা আৰু মাটিৰ নথি–পত্র উদ্ধাৰ কৰাৰ পাছত বৃহস্পতিবাৰে পুনৰ দুর্নীতিগ্রস্ত বিষয়াজনক লৈ বৰপেটাৰ কয়াকুছিত চলালে অভিযান৷ তদাৰকী শাখাৰ অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত বৰপেটাৰ কয়াকুছিত থকা চাইবুৰ ৰহমানৰ আন এক প্রাসাদোপম অট্টালিকাত তালাচী চলালে৷

এই অভিযানকালত তদন্তকাৰী সংস্থাটোৱে উদ্ধাৰ কৰে বৰপেটাত থকা চৰকাৰী বিষয়াজনৰ বিভিন্ন মাটিৰ নথিৰ লগতে কেইবাটাও সম্পত্তিৰ বিভিন্ন তথ্য৷ তদন্তকাৰী দলটোৱে কয়াকুছিৰ ষ্টেট বেংক অৱ ইণ্ডিয়া শাখাত অভিযান চলাই চাইবুৰ ৰহমান আৰু পত্নী মীনাক্ষি ৰহমানৰ নামত থকা বেংক একাউণ্টৰ তথ্য সংগ্রহ কৰে৷ ইয়াৰ পাছতে দলটোৱে বৰপেটা চহৰৰ মুছলিমপট্টিত চাইবুৰ ৰহমানৰ নামত থকা ইউনাইটেড ড্রাগ্ছ এজেন্সীটোৰ চার্টাৰ একাউণ্টেণ্টে দাখিল কৰা তথ্য তন্ন তন্নকৈ পৰীক্ষা কৰে৷ কয়াকুছিত থকা চাইবুৰ ৰহমানৰ বাসগৃহত তালাচী অভিযান চলোৱা সময়ত বাহিৰত সমাগম হৈছিল বৃহৎসংখ্যক স্থানীয় লোকৰ৷ সদ্যসমাপ্ত নির্বাচনত সৰুক্ষেত্রী সমষ্টিৰ পৰা ৰহমানে দ্বিতীয় পত্নী মীনাক্ষি ৰহমানক এ আই ইউ ডি এফৰ প্রার্থী ৰূপে প্রক্ষেপ কৰিছিল৷ নির্বাচনৰ সময়ছোনাত মীনাক্ষি ৰহমানে যি হাৰত ধন ব্যয় কৰিছল, তাক লৈ সমগ্র বৰপেটাতে সৃষ্টি হৈছিল চর্চা৷ এনে চর্চা মাৰ নৌযাওঁতেই আজি মীনাক্ষি ৰহমানৰ স্বামী চাইবুৰ ৰহমানৰ সম্পত্তিৰ তালাচী চলাবলৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ দল উপস্থিত হোৱাৰ লগে লগ স্থানীয় ৰাইজৰো উৎকণ্ঠা বৃদ্ধি পায়৷ যাৰ বাবে অভিযানত কি কি নতুন সম্পত্তি উদ্ধাৰ হয়, প্রত্যক্ষ কৰিবলৈ বহু লোকৰ ভিৰ হয়৷

মন কৰিবলগীয়া যে আজিৰ অভিযানকালত পুনৰ নতুন নতুন সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে৷ ধনকুবেৰ চাইবুৰ ৰহমানৰ গুৱাহাটীত ২৬টা মাটিৰ প্লট থকাৰ লগতে দুটাকৈ আছে বিয়াগোম অট্টালিকা৷ বৰপেটাতো এইজন দুর্নীতিগ্রস্ত বিষয়াই ক্রয় কৰিছে ৪১টাকৈ মাটিৰ প্লট৷ আজি তদন্তকাৰী দলটোৱে চলোৱা অভিযানত পোহৰলৈ আহে বৰপেটাত থকা চাইবুৰ ৰহমানৰ বিয়াগোম অট্টালিকাটো৷ এইটো অট্টালিকাতে ভাৰা দিয়া হৈছে ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা আৰু পঞ্চায়ত–গ্রামোন্নয় বিভাগৰ এটা কার্যালয়৷ এই সন্দর্ভত বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জানিবলৈ দিয়া মতে, এই অভিযানকালত চাইবুৰ ৰহমানে ক্রয় কৰা ভূমিৰ বিভিন্ন নথি–পত্র জব্দ কৰাৰ লগতে বেংকৰ কেইবাটাও একাউণ্ট পৰীক্ষা কৰা হৈছে৷ বৰপেটা জিলাত থকা তেওঁৰ ৪১টা মাটিৰ প্লটৰ সৰহসংখ্যকেই হৈছে কৃষিভূমি৷ ১০০ বিঘাতকৈ অধিক এই কৃষিভূমিৰ লগতে চাইবুৰ ৰহমানৰ আছে পেট্র’ল পাম্প, ৩০খন ভাৰাতীয়া দোকান আৰু আন কেইবাটাও ঘৰ৷

ইতিমধ্যে অভিযানকালত চিনাক্ত হোৱা অট্টালিকাৰ মূল্য কিমান হ’ব, সেই সন্দর্ভত গড়কাপ্টানী বিভাগৰ জৰিয়তে মূল্যায়নৰ কাম আৰম্ভ কৰিছে তদন্তকাৰী দলে৷ আৰক্ষী বিষয়া ৰ’জী কলিতাই জানিবলৈ দিয়া মতে, কালি অভিযানকালত চাইবুৰ ৰহমানৰ গুৱাহাটীস্থিত দুটা বাসগৃহৰ পৰা ভূমিৰ নথি–পত্রৰ লগতে উদ্ধাৰ হৈছিল সোণৰ গহনা আৰু ডায়মণ্ড ছেট৷ মুখ্যতঃ বিষয়াজনৰ কোন কোন জিলাত ভূমিৰ পৰিমাণ আৰু আন সম্পত্তি কিমান আছে, সেয়া পৰীক্ষা কৰি থকা হৈছে৷

মন কৰিবলগীয়া যে ২০০২ চনৰ এ চি এছ বিষয়া চাইবুৰ ৰহমানে বিগত সময়ছোৱাত ৰাজ্যৰ কেইবাখনো জিলাত খণ্ড উন্নয়ন বিষয়া হিচাপেও দায়িত্বভাৰ চম্ভালিছিল৷ এই সময়ছোৱাতেই সোঁৱে–বাঁৱে লুণ্ঠন চলোৱা ৰহমানে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ক্রয় কৰিছে কেইবাটাও মাটিৰ প্লট৷ হাতীগাঁও আৰক্ষী থানাৰ সন্মুখতে তিনি কঠা মাটিৰ প্লট থকাৰ লগতে পাঞ্জাবাৰী, নটবোমা, ফটাশিল আমবাৰী, বৰাগাঁও আদি কৰি বিভিন্ন ঠাইত ভূমি ক্রয় কৰিছিল৷ এই সম্পত্তিসমূহ নিজৰ নামৰ লগতে তেওঁৰ দুয়ো পত্নী আৰু ভাতৃৰ নামতো থকা বুলি তথ্য উদ্ধাৰ কৰিছে বিশেষ তদাৰকী শাখাই৷

You might also like