নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৮ লাখ টকা লুণ্ঠনৰ ষড়যন্ত্র ঠিকাদাৰৰ

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কিন্তু আজিও গুৱাহাটী মহানগৰীৰ বহু অঞ্চল এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায়৷ ইয়াৰ ব্যতিক্রম নহয় মহানগৰী নাৰেংগী–ছয়মাইল সংযোগী ভি আই পি পথ৷ এই পথটোৰ বিশেষকৈ পাথৰকোৱেৰীৰ পৰা মেগজিনলৈ যোৱা পথৰ দুয়োকাষে প্রতিবছৰে কৃত্রিম বান সৃষ্টি হয়৷ পাথৰকোৱেৰীৰ মেগজিন পথৰ দুয়োকাষে বিজ্ঞানসন্মতভাৱে নলা নির্মাণ কৰাত সৃষ্টি হোৱা কৃত্রিম বানৰ ফলত অঞ্চলটোত বসবাস কৰা ৰাইজে বছৰৰ পিছত বছৰ ধৰি দুর্ভোগ ভুগি যাতায়াত কৰি আহিছে৷

অঞ্চলটোৰ ৰাইজৰ প্রতিবাদত সেও মানি চৰকাৰে শেহতীয়াকৈ ভি আই পি পথক কৃত্রিম বানমুক্ত কৰাৰ লক্ষ্যৰে এটা কালভার্ট নির্মাণৰ আঁচনি গ্রহণ কৰে৷ ভি আই পি পথৰ পানী উক্ত কালভার্টেৰে শিলসাঁকো বিলত পেলোৱাৰ বাবে কালভার্টটো নির্মাণৰ বাবে ৫৮ লাখ টকা ধার্য কৰে৷ এই কালভার্টটো নির্মাণৰ ঠিকা লাভ কৰে জনৈক মজুমদাৰ নামৰ ঠিকাদাৰগৰাকীয়ে৷ ঠিকা লাভ কৰিয়েই যুদ্ধকালীন তৎপতাৰে কালভার্ট নির্মাণৰ কাম আৰম্ভ কৰে ঠিকাদাৰজনে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কালভার্ট নির্মাণ কৰা স্থানত গেমন ইণ্ডিয়াৰ পানী যোগান আঁচনিৰ এডাল বৃহৎ পাইপ৷

এই পানীৰ পাইপডাল আঁতৰ নকৰাকৈ অপৰিকল্পিতভাবে ঠিকাদাৰজনে নির্মাণ কার্য চলাই থকাত অঞ্চলটোৰ লোকসকলে ইয়াৰ বিৰোধিতা কৰে৷ অঞ্চলটোৰ বাসিন্দা প্রদীপ বর্মন নামৰ লোকজনে জানিবলৈ দিয়া মতে, গেমনৰ পানী পৰিবাহী পাইপডাল আঁতৰ নকৰাকৈ কালভার্টটো নির্মাণ কৰিলে পুনৰ ভি আই পি পথত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ঠিকাদাৰ মজুমদাৰে বিজ্ঞানসন্মতভাৱে কালভার্টটো নির্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ অভিযোগ অনুসৰি কালভার্ট নির্মাণৰ ৫৮ লাখ টকা লুণ্ঠনৰ ষড়যন্ত্রত লিপ্ত হৈ ঠিকাদাৰগৰাকীয়ে যুদ্ধকালীন তৎপৰতাৰে অবিজ্ঞানসন্মতভাৱে কালভার্টটো নির্মাণ কৰিছে৷ সেয়েহে অঞ্চলবাসীয়ে পৰিকল্পিতভাৱে আঁচনি গ্রহণ কৰি বিজ্ঞানসন্মতভাৱে কালভার্টটো নির্মাণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে৷ কেৱল লুণ্ঠনৰ ফন্দিৰে অপৰিকল্পিতভাৱে কালভার্টৰ নির্মাণ কার্য স্থানীয় ৰাইজে বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে৷

You might also like