বায়ুসেনাৰ যুঁজাৰু বিমানৰ লেফটেনেণ্ট আকাংক্ষা
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে বিশেষ খ্যাতি লাভ কৰিছে অসমৰ এগৰাকী যুৱতীয়ে৷ গুৱাহাটীৰ এক সম্ভ্রান্ত পৰিয়ালৰ জীয়ৰী আকাংক্ষা চৌধুৰীয়ে ভাৰতীয় বায়ুসেনাৰ সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত পৰীক্ষাত পাৰদর্শিতাৰে সাফল্য লাভ কৰি যুঁজাৰু বিমানৰ লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিছে৷ গুৱাহাটীৰ ছয়মাইল জুৰিপাৰ নিৱাসী অলিন্দ্র চৌধুৰী আৰু বেলি চৌধুৰীৰ জীয়াৰী আকাংক্ষাৰ এনে বিৰল কৃতিত্বই পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলক উৎফুল্ল কৰি তুলিছে৷
উল্লেখ্য যে ২০২১ চনৰ এপ্রিল মাহত হোৱা সর্বভাৰতীয় পর্যায়ত ভাৰতীয় বায়ুসেনা বিভাগৰ পৰীক্ষাত ১,২০০গৰাকী যুৱতী পৰীক্ষার্থীৰ ভিতৰত সর্বভাৰতীয় পর্যায়ত বিশেষ স্থান দখল কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত একমাত্র সাফল্য লাভ কৰি আকাংক্ষাই এনে বিৰল কৃতিত্ব অর্জন কৰিছে৷ এনে পাৰদর্শিতাৰ ভিত্তিতে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান শাখাত লেফটেনেণ্ট হিচাপে যোগদান কৰিবলৈ সক্ষম হোৱা এগৰাকী অসমীয়া যুৱতীৰ এনে ঈর্ষণীয় সাফল্য গৌৰৱৰ বিষয়৷ উল্লেখ্য যে পাঠশালাৰ প্রয়াত বিশিষ্ট শিক্ষাবিদ সম্পূর্ণানন্দ তালুকদাৰৰ জীয়াৰী নাতিনী আকাংক্ষাৰ এনে বিৰল কৃতিত্বৰ বাবে পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পাঠশালা টাউন ক্লাব, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা প্রেছ ক্লাব, বজালী জিলা প্রেছ গীল্ড আদিয়ে আকাংক্ষাক অভিনন্দন জ্ঞাপন কৰিছে৷