নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শূন্য দূৰত্বৰ পৰা গুলী চলাইছিল উগ্রপন্থীয়ে

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিল এলেকাত সংঘটিত বর্বৰোচিত আক্রমণৰ লোমহর্ষক বর্ণনা আজি সংবাদ মাধ্যমৰ আগত দাঙি ধৰে কোনোমতে প্রাণৰক্ষা কৰা কেইবাজনো ড্রাইভাৰ–হেণ্ডিমেনে৷ আক্রমণকাৰী ডিএনএলএৰ উদ্যত মাৰণাস্ত্রধাৰী কেডাৰকেইজন ইমানেই নৃশংস হৈ পৰিছিল যে নিৰীহ ড্রাইভাৰ–হেণ্ডিমেনসকলক লক্ষ্য কৰি শূন্য দূৰত্বৰ পৰাই গুলীবর্ষণ কৰিছিল৷ অৱশ্যে ইয়াৰ পাছতো সৌভাগ্যক্রমে একাংশ ড্রাইভাৰ–হেণ্ডিমেনৰ প্রাণৰক্ষা পৰে৷ কিন্তু এতিয়াও তেওঁলোকৰ দুচকুত আতংক বিৰাজমান৷ কালিৰ ভয়াৱহ ঘটনাটোৰ কথা মনত পেলাই এখন ১২ চকীয়া ট্রাকৰ ড্রাইভাৰ–হেণ্ডিমেন ৰিজুৱান আহমেদ আৰু নুৰ ইছলামে কয় যে উগ্রপন্থীৰ নির্বিচাৰ গুলীচালনাৰ মাজতে নিজৰ প্রাণ বচাবলৈ আমি গাড়ীৰ পৰা জঁপিয়াই হাবিৰ মাজলৈ দৌৰিছিলোঁ৷ মাৰণাস্ত্রধাৰী উগ্রপন্থীকেইজনে শূন্য দূৰত্বৰ পৰাই গাড়ীৰ ড্রাইভাৰ–হেণ্ডিমেনলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰিছিল৷

আকস্মিকভাৱে সংঘটিত এই ঘটনাত তেওঁলোকে প্রাণ বচাবলৈ সময়েই নাপালে৷ আমি হাবিৰ মাজৰ পৰা নিজ চকুৰে আক্রমণ প্রত্যক্ষ কৰি গৈছিলোঁ৷ উগ্রপন্থীৰ গুলীবর্ষণ ক্রমান্বয়ে তীব্রতৰ হৈ অহাত এটা সময়ত আমিও জীয়াই থকাৰ শেষ আশা হেৰুৱাই পেলাইছিলোঁ৷ অৱশ্যে আৰক্ষী বাহিনী আৰু অগ্ণিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত নিশা প্রায় ১২ বজাতহে আমি হাবিৰ পৰা ওলাই আহোঁ৷ উগ্রপন্থীৰ গুলীত আহত হৈছে ফাৰুক আহমেদ নামৰ চালকজন৷ ভৰিত গুলী লগা ফাৰুক আহমেদেও ঘটনাৰ শিহৰণকাৰী বিৱৰণ দাঙি ধৰি কয়– কালি নিশা প্রায় ৭ বজাত আমি ১৬ কিলোৰ পৰা ক্লিংকাৰ লৈ আহিছিলোঁ৷

ৰেঞ্জাৰ বিলত যেতিয়া উপস্থিত হওঁ তেতিয়া কেইখনমান গাড়ী ৰৈ থকা দেখোঁ৷ কেইজনমানে আমাক ছিগনেল দিয়াত আমি আমাৰ গাড়ী ছাইড কৰোঁ৷ ঠিক গাড়ী ছাইড কৰাৰ লগে লগে আমালৈ লক্ষ্য কৰি গুলীবর্ষণ কৰে৷ মোৰ ভৰিত গুলী লাগিছে৷ আহত অৱস্থাতে কোনোমতে গাড়ীৰ পৰা জঁপিয়াই পলায়ন কৰোঁ৷ পাছত জংঘলৰ পৰা লুকাই থকা অৱস্থাত গাড়ীবোৰ জ্বলি থকা দেখা পাওঁ৷ মোৰ গাড়ীত এজন হেণ্ডিমেন আছিল৷ পলাব নোৱাৰিলে৷ গাড়ীতে থাকি গ’ল, ওলোৱা নেদেখিলোঁ৷ পাছত গম পালোঁ গাড়ীৰ ভিতৰতে সি জ্বলি ছাই হৈ গ’ল৷ মই প্রথমতে ৰাস্তাত এজন লোককেই দেখিছিলোঁ৷ পাছত ৰাস্তাৰ কাষত আৰু ৭–৮জন মানুহ থকা দেখা পাইছিলোঁ৷ গাড়ী ছাইড কৰ বুলি কৈয়ে সিহঁতে গুলীবর্ষণ কৰিছিল৷

You might also like