নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউন বিশ্ববিদ্যালয়ত সত্রীয়া অনুষ্ঠান

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ অসমৰ শিল্প আৰু সংস্কৃতিক বহির্বিশ্বৰ আগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে শুকুৰবাৰে  মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ তিৰোভাৱ তিথিত সত্রীয়া সংস্কৃতিৰ এটা বিশেষ অনুষ্ঠান অনলাইনযোগে প্রচাৰ কৰে৷ সত্রীয়া সংস্কৃতিৰ প্রসিদ্ধ পণ্ডিত–শিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়ন আৰু দয়াল চন্দ্র সূত্রধাৰৰ কণ্ঠৰ দুটি বৰগীতৰ প্রচাৰ আছিল এই অনুষ্ঠানৰ বিশেষ আকর্ষণ৷ ইয়াৰ লগতে পৰিৱেশন কৰা হয় বিশ্ববিদ্যালয়ৰে বাণিজ্য পৰিচালনা বিভাগৰ ছাত্রী ৰিচা পাঠকৰ সত্রীয়া নৃত্য৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এটা দলে বৰপেটাৰ সুন্দৰীদিয়া সত্রত বাণীবদ্ধ কৰি অনা সত্রীয়া সংস্কৃতিৰ বিভিন্ন কলাবস্তুৰ প্রদর্শনেৰে এই অনুষ্ঠানৰ সামৰণি মৰা হয়৷ বিশ্ববিদ্যালয়ৰ ডীন বন্দনা দত্তৰ পৰিকল্পনাত এই অনুষ্ঠানৰ আয়োজন কৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগে আৰু কাৰিকৰী দিশৰ তত্ত্বাৱধান কৰে অংকুৰ প্রাণ শইকীয়াই৷ সম্পূর্ণ অনুষ্ঠানটো বিশ্ববিদ্যালয়ৰ ইউটিউব চেনেলত চাবলৈ পোৱা যাব৷

You might also like