নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত দুই ডকাইত, আহত এক

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ গোৱালপাৰা চহৰৰ সমীপৱর্তী গোবিন্দপুৰত যোৱানিশা ১১.৩০ বজাত আৰক্ষীৰ গুলীত ২টা দুর্ধর্ষ ডকাইত নিহত হোৱাৰ লগতে আন এটা গুলীবিদ্ধ ডকাইত কৰায়ত্ত হোৱা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ইফালে, আন দুটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, পাঁচজনীয়া ডকাইতৰ দল এটাই এ এছ–১০ এ এম–৩৭২০ নম্বৰৰ মাৰুতি ছুইফ্ট গাড়ীৰে নিশা ১০মান বজাত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা ৰংচাই হৈ আগিয়াৰ ফালে আহি আছিল৷

পাছত ৰংচাই আৰক্ষীয়ে গোপন সূত্রে সেই খবৰ লাভ কৰি গাডীখন অনুসৰণ কৰি ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীক গুৰুত্ব নিদি গাডীখন কৃষ্ণাই হৈ দুধনৈৰ ফালে গতি কৰে৷ দুধনৈ নৌপাওঁতেই আৰক্ষীৰ গাডীয়ে ডকাইতৰ গাডীখনক আগচি ধৰাৰ চেষ্টা চলায় যদিও ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচলনা কৰি ডকাইতৰ গাডীখনে দুধনৈৰ পৰা মাটিয়া হৈ মৰনৈৰ ফালে গতি কৰাত মৰনৈ আৰক্ষীয়ে সৈনিক স্কুলৰ সন্মুখত বেৰিকেড দি গাডীখন ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বেৰিকেট ভাঙি গাডীখনে গোৱালপাৰা চহৰলৈ গতি কৰে৷

গোৱালপাৰা চহৰৰ গুৱালটুলীৰ দিশে গতি কৰাত ৰাজপথত কেইবাজাঁই গুলীচালনা কৰি বাহনখন ৰখাবলৈ চেষ্টা কৰে আৰক্ষীয়ে৷ পাছত গাডীখন কাৰবালা পোৱাৰ পাছত আৰক্ষীয়ে গাডীখনক লক্ষ্য কৰি গুলীচালনা কৰে৷ তথাপি গাডীখন নাৰাখি ডকাইতৰ দলটোৱে তীব্র বেগেৰে গোবিন্দপুৰৰ খংৰাপাৰাৰ ফালে ৰাওনা হয়৷ কিন্তু আৰক্ষীৰ গুলী গাড়ীখনৰ টায়াৰত লাগি গাড়ী অচল হৈ পৰাত ডকাইতকেইটা গাডীৰ পৰা নামি আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়েও প্রত্যুত্তৰত গুলীচালনা কৰাত ঘটনাস্থলীতে ৰেফাজুদ্দিন নামৰ ডকাইতো নিহত হয়৷ তিনি ডকাইত আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে যদিও কিছু সময় পাছত নিশাই ঘটনাস্থলীৰ পৰা কিছু দূৰত ৰাছিদুল ইছলাম নামৰ ডকাইতটো গুলীবিদ্ধ অৱস্থাত ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়ে৷ পাছত ডকাইতটোক আৰক্ষীয়ে কৰায়ত্ত কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়৷ আজি পুৱাৰ ভাগত পুনৰ বাছিত আলী নামৰ ডকাইতটোৰ মৃতদেহ উদ্ধাৰ হয়৷

আৰক্ষী সূত্রে জানিব পৰা মতে, পাঁচজনীয়া ডকাইতৰ দলটোৰ পৰিকল্পনা আছিল কৃষ্ণাইত ডকাইতি কৰাৰ৷ সম্প্রতি ইউছুফ আলী আৰু মনোৱাৰ হুছেইন নামৰ ডকাইত দুটা পলাতক হৈ আছে৷ নিশা আৰক্ষীৰ গুলীত নিহত হয় ৰেফাজুদ্দিন আহমেদ আৰু বাছিত আলী৷ নিহত ৰেফাজুদ্দিনৰ ঘৰ লক্ষীপুৰৰ চিলাৰভিটা গাঁৱত আৰু নিহত বাছিত আলীৰ ঘৰ লক্ষীপুৰৰ হালদিবাৰী গাঁৱত৷ গুলীবিদ্ধ ৰছিদুল ইছলামৰ ঘৰ পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ চুপাৰিভিটাত৷

ইফালে, দেওবাৰে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে এখন সংবাদ মেলা আয়োজন কৰি কয় যে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা মাৰুতি ছুইফ্টখনৰ গৰাকী জিতেন দাস কিছুদিন পূর্বে ওদালগুৰি আৰক্ষীৰ হাতত অপৰাধজনিত ঘটনাত গ্রেপ্তাৰ হৈছিল৷ ৫জনীয়া ডকাইতৰ দলটোৰ মূল নায়ক পলাতক ইউছুফ আলী আৰু মনোৱাৰ হুছেইন৷ নামনি অসমৰ বিভিন্ন অপহৰণ, ডকাইতি, গাড়ী হাইজেক ঘটনাৰ লগত ডকাইতৰ দলটো জডিত আছিল৷ দুর্ধর্ষ অপৰাধী ইউছুফ আলীৰ নেতৃত্বত ৫জনীয়া দলটো নিশা পৰিকল্পনা আছিল কৃষ্ণাইত ডকাইতি কৰাৰ আৰু সেই উদ্দেশ্যে অস্ত্র–শস্ত্রৰে সু–সজ্জিত হৈ লক্ষীপুৰৰ পৰা নিশা ওলাই আহঁোতেই আৰক্ষীৰ চকুত পৰে৷ ইফালে নিশা আৰক্ষী সৈতে ৰাজপথৰ কেইবাস্থানত গুলীয়াগুলী হয় যদিও অৱশেষত গোবিন্দপুৰত ডকাইতৰ দলটোক সম্পূর্ণ নিয়ন্ত্রণ কৰে আৰক্ষীয়ে৷ এয়া আৰক্ষীৰ বৃহৎ সফলতা বুলি দাবী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে৷

You might also like