নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ সমষ্টিতে জিকিব মিত্রজোঁট ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ ৰাজ্যৰ ৬ বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ–নির্বাচনত বিজেপি আৰু মিত্রজোঁটে বিপুল ভোটত জয়লাভ কৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ আজি সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে কংগ্রেছৰে ৰাইজৰ দল লগ লাগিলেও বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে৷ যোৱা বিধানসভা নির্বাচনত অজাপ আৰু ৰাইজৰ দলে পৃথকে নির্বাচন খেলিলেও ভিতৰুৱাকৈ কংগ্রেছৰ লগত বুজাবুজি আছিল৷ তথাপি বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰিলে৷ এইবাৰো একো ক্ষতি কৰিব নোৱাৰে৷ বৰং তেওঁলোকৰহে ক্ষতি হ’ব৷

যোৱা বিধানসভা নির্বাচনত কংগ্রেছে মহাজোঁট গঠন কৰিও ব্যর্থ হ’ল৷ এতিয়া বি পি এফ মহাজোঁটৰ পৰা ওলাই গ’ল৷ সেয়ে কংগ্রেছ বলিয়া হৈ গৈছে৷ কংগ্রেছৰ শাসন লাগে৷ কিন্তু শাসনৰ বাবে কংগ্রেছ বহু দিনলৈ ৱেইটিং লিষ্টত থাকিব লাগিব৷ ২০১৯ চনৰ লোকসভা নির্বাচনতো ৰাইজে বিজেপিৰ ওপৰত আস্থা ৰাখিছে৷ বিজেপিয়ে অকলেই লোকসভাত ৩০০ৰ ওপৰত আসন লাভ কৰিছে৷ অসমতো বিজেপিয়ে অকলেই ৬০খন আসনত জয়লাভ কৰিছে৷ মহাজোঁটক ৰাইজে প্রত্যাখ্যান কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত ১০০ দিনতেই চৰকাৰখন ৰাইজৰ ওচৰলৈ গৈছে৷ নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ ৰূপায়ণ কৰিছে৷

You might also like