গুৱাহাটীত ৫০ শতাংশলৈ হ্রাস মাংসৰ বিক্রী
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰীত অভাৱনীয় হাৰত হ্রাস পাইছে মাংসৰ বিক্রী৷ বিগত ডেৰ বছৰ ধৰি বিশ্বজুৰি সন্ত্রাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বাবে দেশৰ ব্যৱসায়–বাণিজ্যৰ লগতে সকলো স্তৰৰ লোকৰ মাজত ব্যাপক প্রভাৱ পৰিছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনত লোকচানৰ সন্মুখীন হয় সকলো শ্রেণীৰ ব্যৱসায়ী৷ কেৱল ব্যৱসায়ীয়ে নহয়, জনসাধাৰণৰো পূর্বৰ তুলনাত অত্যাৱশ্যকীয় সা–সামগ্রী, মাছ–মাংসকে ধৰি প্রয়োজনীয় সামগ্রী ক্রয়ৰ ক্ষমতা হ্রাস পাইছে৷ কার্যতঃ আর্থিক সম্বলহীনতাত ভুগিছে মহানগৰীৰ গৰিষ্ঠসংখ্যক নাগৰিকে৷
শেহতীয়াকৈ গুৱাহাটীত ৰেনেছা নামৰ এটা এন জি অ’ই চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত ৰেনেছা নামৰ এন জি অ’টোৱে ১০ হাজাৰ লোকক লৈ চলোৱা সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি মহানগৰীত ৫০ শতাংশলৈ হ্রাস পাইছে মাংসৰ বিক্রী৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৮০ হাজাৰ কেজি ব্রয়লাৰ মাংস বিক্রী হয়৷ কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ পিছৰে পৰা মহানগৰীত প্রতিদিনে ৫০ হাজাৰ কেজিহে মাংস বিক্রী হৈছে৷
অভাৱনীয় হাৰত মাংসৰ বিক্রী হ্রাস পোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি প্রতিকিলো ব্রয়লাৰ মাংস ২৭০ৰ পৰা ৩৫০ টকা পর্যন্ত বিক্রী কৰিছে৷ একেদৰে গুৱাহাটী মহানগৰীত প্রতিদিনে দুহাজাৰ কেজিৰো অধিক ছাগলীৰ মাংস বিক্রী হৈছিল৷ বর্তমান ৯০০ পৰা ১০০০ কেজিহে ছাগলীৰ মাংস প্রতিদিনে বিক্রী হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে গাহৰিৰ মাংস বিক্রী পূর্বৰ তুলনাত সামান্য পৰিমাণহে হ্রাস পাইছে৷ ৰেনেছা নামৰ এন জি অ’টোৱে মহানগৰীৰ ১০ হাজাৰ লোকক লৈ চলোৱা এই সমীক্ষাত অনলাইনত কাপোৰকে ধৰি অত্যাৱশ্যকীয় খাদ্যসামগ্রী আৰু অন্যান্য সামগ্রী ক্রয় পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷ ক’ভিডসৃষ্ট এই পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰীৰ মাংসৰ বজাৰত অভাৱনীয় হাৰত বিক্রী হ্রাস পোৱাত ব্যৱসায়ী সকলো সংকটত ভুগিছে৷ উল্লেখ্য যে এন জি অ’টোৱে জি এম চিৰ অনুজ্ঞাপত্র থকা ১৭০খন ছাগলীৰ মাংসৰ দোকান, ২০২খন মাছৰ, ৩৮০খন কণী আৰু ব্রইলাৰ, ৪১খন গাহৰিৰ মাংসৰ দোকানৰ ব্যৱসায়ীসকলকো সাঙুৰি লৈছিল৷