আফগানিস্তানলৈ উভতি আহিল লাডেনৰ প্রাক্তন দেহৰক্ষী আমিন–উল হক
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাৰ প্রয়াত প্রাক্তন মুৰব্বী ওছামা বিন লাডেনৰ একালৰ দেহৰক্ষী তথা বিশ্বস্ত অনুচৰ আমিন–উল–হক আফগানিস্তানলৈ উভতি আহিছে৷ আমিনৰ প্রত্যাৱর্তনক লৈ সৃষ্টি হৈছে বিতর্ক৷ তালিবানৰ সৈতে থকা বুজাবুজিৰ বাবেই লাডেনৰ সংগী আফগানিস্তানলৈ উভতি আহিছে নেকি তাক লৈ বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷
স্মর্তব্য যে এসময়ত লাডেনৰ প্রধান দেহৰক্ষীৰ দায়িত্ব পালন কৰিছিল আমিনে৷ টোৰা বোৰাৰ যুদ্ধত যেতিয়া ব্রিটিছ আৰু মার্কিন বাহিনীৰ আক্রমণৰ পৰা লাডেনক ৰক্ষা কৰাৰ প্রয়োজন হৈছিল, তেতিয়া আমিনৰ ওপৰতেই আহি পৰিছিল সন্ত্রাসবাদী নেতাজনৰ প্রধান দেহৰক্ষীৰ দায়িত্ব৷ আমিনেই টোৰা বোৰাৰ পৰা নিৰাপদে লাডেনক আঁতৰাই নিবলৈ সক্ষম হৈছিল৷ আজি আমিনক এখন গাড়ীত মুকলিকৈ আফগানিস্তানৰ নানগৰহৰ প্রদেশৰ পথত দেখিবলৈ পোৱা গৈছে৷ উল্লেখনীয় যে এই নানগৰহৰেই হৈছে আমিনৰ জন্মভূমি৷