নতুন SOP: ৰাজ্যত নিশা ৯ বজালৈকে বৃদ্ধি কাৰ্ফিউৰ সময়সীমা
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল । আজিৰে পৰা কাৰ্যকৰি হ’ব নতুন SOP । নিশা ৯ বজালৈকে বৃদ্ধি কাৰ্ফিউৰ সময়সীমা ।
- ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।
- নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।
- ১০০ শতাংশ যাত্ৰীৰে চলিব আন্তঃজিলা যাতায়াত।
- বাহনত থিয় কৰাই নিব নোৱাৰিব যাত্ৰী।
- মটৰ চাইকেলত দুজন যাত্ৰী উঠাব পাৰিব।
- ইফালে এতিয়াৰে পৰা দুটাকৈ ভেকচিন লোৱা বিমান যাত্ৰীয়ে বিমান বন্দৰত কৰিব নালাগে কভিড টেষ্ট।
- ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব চূড়ান্ত বৰ্ষৰ পাঠদান।
- ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভেকচিন লোৱাটো বাধ্যতামূলক।