নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিজেপিত যোগ দিলে বিধায়ক ফণী তালুকদাৰে

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ উপ–নির্বাচনক লৈ বিৰোধীয়ে পুনৰ নতুন জোঁটবন্ধনৰ লক্ষ্যৰে নতুন নতুন সমীকৰণ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ বিজেপিত যোগদান কৰিলে আন এজন বিধায়কে৷ কংগ্রেছৰ দুই বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পিছত তৃতীয়জন বিধায়ক ৰূপে আজি বিজেপিত যোগ দিলে ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফ বিধায়ক ফণী তালুকদাৰে৷

যোৱা সময়ছোৱাত ফণী তালুকদাৰৰ বিজেপিত যোগদানক লৈ চলি থকা নানা চর্চাৰ পিছত মঙলবাৰে আনুষ্ঠানিকভাৱে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ পৰা পদত্যাগ কৰিছিল বিধায়কজনে৷

উল্লেখ্য যে আদর্শৰ মিল নথকাৰ পিছতো এআইইউডিএফৰ পৰা বিজেপিলৈ গমন কৰা ফণী তালুকদাৰৰ এই যোগদানৰ আঁৰত লুকাই আছে বৃহৎ ৰাজনৈতিক সমীকৰণ৷ বিগত সময়ছোৱাত ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে বিজেপিত যোগ দিব বুলি ফণী তালুকদাৰৰ সন্দর্ভত যি চর্চা চলিছিল, তাৰ বিপৰীতে কিন্তু আন ৰাজনৈতিক স্বার্থ পূৰণৰ লক্ষ্যৰেহে শাসকীয় দলটোত যোগদান কৰিছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে৷ সেয়া যিয়েই নহওক, আজিৰ দুপৰীয়াৰ ভাগত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত সভাপতি ভৱেশ কলিতা আৰু মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে ফণী তালুকদাৰে৷

You might also like