নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি মাহৰ মূৰত ১০০ শতাংশ যাত্রীৰে চলিল যাত্রীবাহী বাছ

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ প্রায় চাৰি মাহ বিৰতিৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হৈছে আন্তঃজিলা যাতায়াত৷ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পুনৰ আন্তঃজিলা যাতায়াত মুকলি কৰাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছে যাত্রীবাহী বাছৰ চলাচল৷ ইয়াৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলাইছে দূৰণিবটীয়া যাত্রীসকলে৷ চৰকাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি ১০০ শতাংশ যাত্রীৰে চলাচল আৰম্ভ হৈছে এই যাত্রীবাহী বাছসমূহ৷ নিশাৰ ভাগত সান্ধ্য আইন বলৱৎ হৈ আছে যদিও ৰাজ্যত কালিৰ পৰা আৰম্ভ হৈছে নৈশবাছৰ চলাচলো৷ গুৱাহাটীৰ ভিন্ন প্রান্তৰ পৰা ৰাজ্যৰ আটাইকেইখন জিলালৈ কালিৰে পৰাই আৰম্ভ হৈছে এই নৈশবাছৰ চলাচল৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ পাছত যোৱা মে’ মাহৰ ২২ তাৰিখৰ পৰাই বন্ধ কৰা হৈছিল আন্তঃজিলা যাতায়াত৷ এই সময়ছোৱাত ব্যক্তিগত বাহন আৰু যাত্রীবাহী বাছসমূহৰ চলাচল সম্পূর্ণৰূপে নিষিদ্ধ কৰা হয়৷ ক’ভিডৰ সংক্রমণ হ্রাস কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই নতুন বিধি বলৱৎ কৰে৷ ইয়াৰ পাছতে ৰাজ্যৰ যোগাযোগ ব্যৱস্থা প্রায় বিচ্ছিন্ন হৈ পৰে৷ বিশেষকৈ বিভিন্ন কামত উজনিৰ পৰা গুৱাহাটীলৈ অহা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়৷ অৱশ্যে ইয়াৰ মাজতে ৰাজ্যত সীমিতসংখ্যক ৰে’লৰ চলাচল অব্যাহত থাকে৷ তৎসত্ত্বেও বহু স্থানৰ লোকে এই ৰে’লসেৱা ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হয় যাত্রীসকল৷ কিয়নো বহু জিলাত এতিয়াও সংযোজিত হোৱা নাই ৰে’লসেৱা৷ একে সময়তে দীর্ঘদিন ধৰি বাছৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ ফলত ব্যাপকভাৱে ক্ষতিগ্রস্ত হয় যাত্রীবাহী বাছসমূহৰ মালিকসকল আৰু চালক–হেণ্ডিমেনসক৷ সেয়েহে দীর্ঘদিন ধৰি যাত্রীবাহী বাছৰ সংস্থাসমূহে আন্তঃজিলা যাতায়াত মুকলি কৰি দিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছে৷ কিন্তু ক’ভিডৰ সংক্রমণ ৰাজ্যত আশা কৰা ধৰণে হ্রাস নোপোৱাত আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত নিষেধাজ্ঞা অব্যাহত ৰাখে চৰকাৰে৷

শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ বাহিৰে আন জিলাসমূহত ব্যক্তিগত বাহনেৰে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়ে যদিও যাত্রীবাহী বাছসমূহ চলাচলৰ ক্ষেত্রত ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰাৰ পৰা বিৰত থাকে৷ আগষ্ট মাহৰ শেষৰ সপ্তাহত ৰাজ্যত ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হোৱাৰ লগতে আক্রান্তৰ হাৰ ১ শতাংশৰ তললৈ হ্রাস পোৱাত কালি প্রকাশ কৰা নতুন এছ অ’ পিৰ জৰিয়তে আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়ে ৰাজ্য চৰকাৰে৷ ইয়াৰ পাছতে বিভিন্ন জিলাৰ মাজত যাত্রীবাহী বাছসমূহৰ চলাচল পূর্বৰ দৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে৷ অৱশ্যে যাত্রীবাহী বাছসমূহৰ চলাচলৰ ক্ষেত্রত কেইবাটাও চর্ত আৰোপ কৰিছে চৰকাৰে৷ সেই অনুসৰি কোনো বাছতে থিয় হৈ যাব নোৱাৰিব কোনো যাত্রী৷ তদুপৰি বাছত অহা–যোৱা কৰা যাত্রীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ লক্ষণীয় যে বাছ চলাচল আৰম্ভ হোৱাৰ লগে লগে বাছভাৰা ৫০ শতাংশ পর্যন্ত পুনৰ বৃদ্ধি কৰা হ’ব বুলি অসম মটৰ পৰিবহণ সংস্থাই প্রকাশ কৰিছে৷ মটৰ পৰিবহণ সংস্থাৰ এই ঘোষণাত ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া হোৱাৰ লগতে চৰকাৰেও ইয়াৰ বিৰোধিতা কৰিছে৷ অৱশ্যে নতুনকৈ বাছসমূহৰ চলাচল আৰম্ভ হোৱাৰ পাছত যাত্রীসকলৰ পৰা নতুন নিৰীখত ভাৰা আদায় কৰা হোৱা নাই বুলি জানিব পৰা হৈছে৷

You might also like