নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকান বাহিনীয়ে কাবুলত নষ্ট কৰি গৈছে ৭৩খন হেলিকপ্টাৰ–বিমান

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ তালিবানে বান্ধি দিয়া চৰমসীমা মানি আমেৰিকাৰ সেনাই আফগানিস্তান ত্যাগ কৰে যদিও কাবুল বিমানবন্দৰত বহু সামৰিক বিমান, হেলিকপ্টাৰ আনকি মার্কিন সেনাই ব্যৱহাৰ কৰা বহু বাহনো নষ্ট কৰি গৈছে৷ অন্তিম সময়ত আমেৰিকান সেনাই এনেদৰে বিমান, হেলিকপ্টাৰ তথা বাহনবোৰ অচল কৰি যোৱা কার্যত তীব্র ক্ষোভ প্রকাশ কৰিছে তালিবান নেতৃত্বই৷

তালিবানৰ মতে, আমেৰিকাৰ এনে আচৰণ বিশ্বাসঘাতকতাৰ চূড়ান্ত নজিৰ৷ সংবাদ মাধ্যমৰ সন্মুখত তালিবান নেতৃত্বই আমেৰিকাৰ এই আচৰণক কঠোৰ সমালোচনা কৰিছে৷ স্মর্তব্য যে আমেৰিকান সেনাৰ চেণ্ড্রেল কমাণ্ডৰ প্রধান জেনেৰেল কেনেথ মেকেঞ্জিয়ে কালি উল্লেখ কৰিছিল বিমান আৰু হেলিকপ্টাৰবোৰ অচল কৰি যোৱাৰ কথা৷ মেকেঞ্জিয়ে উল্লেখ কৰা অনুসৰি কাবুল আন্তর্জাতিক বিমানবন্দৰত থকা ৭৩খন হেলিকপ্ঢাৰ আৰু বিমান তালিবানে কেতিয়াও পুনৰ উৰাবলৈ সক্ষম নহ’ব৷ উৰিব পৰা অৱস্থাত নাই এই হেলিকপ্টাৰ তথা বিমানবোৰ৷

লক্ষণীয়ভাৱে এই হেলিকপ্টাৰৰ ভিতৰত আছে চি এইচ ৪৬ (চিনহুক), এম ডি ৫৩০ এফ, এব’টাবাদত লাডেনক হত্যাৰ অভিযানত ব্যৱহূত অত্যাধুনিক ব্লেক হক, এ ২৯ ছুপাৰ টুক্কানো আৰু চেছনা ২০৮ বিমান৷ বিমানবন্দৰত ২৭খন অস্ত্রবাহী হামভি গাড়ীও নষ্ট কৰি গৈছে মার্কিন সেনাই৷

You might also like