২–৩ বছৰৰ টাইমফ্রেমত আলফা সমস্যা সমাধান
‘পৰেশ বৰুৱাই বিচাৰে সার্বভৌমত্বৰ আলোচনা; আমি মধ্যম পন্থাক লৈ আলাপ–আলোচনা চলাই আছোঁ’– ড০ শর্মা
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সার্বভৌমত্বক লৈ আলোচনা বিচাৰে৷ সেয়া সম্ভৱ নহয়৷ আমি এক মাজৰ পন্থাৰে আলফা ‘স্বাধীন’ৰ সৈতে আলোচনা কৰাৰ বাবে আলাপ–আলোচনা চলাই আছোঁ– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
অহা ২–৩ বছৰৰ টাইমফ্রেমত আলফা (স্বাধীন)ৰে আলোচনা হোৱাৰ আশা প্রকাশ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাই আলফা (স্বাধীন)ৰে আলোচনাৰ ক্ষেত্রত ২–৩ বছৰৰ টাইমফ্রেম লৈ চলি থকাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে আলফা নেতৃত্বৰ লগত অনানুষ্ঠানিক সম্পর্ক বজাই ৰখা হৈছে৷
আলফা (স্বাধীন)য়ো ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা দুবাৰকৈ যুদ্ধবিৰতি ঘোষণা কৰিছে৷ যোৱা ১৫ আগষ্টতো ভাল সদিচ্ছা দেখুৱাইছে৷ কিন্তু পৰেশ বৰুৱাৰ প্রশ্নটো হ’ল– সার্বভৌমত্বক লৈ আলোচনা কৰিব লাগে৷ চৰকাৰে সার্বভৌমত্বৰ ওপৰত আলোচনা কৰিব নোৱাৰে৷ সেয়ে মাজৰ পন্থা কি হ’ব, তাক লৈ এতিয়া আলাপ–আলোচনা চলি আছে৷ এইবিলাক ক্ষেত্রত ফলাফল লগে লগে আশা কৰিব নালাগে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ১৯৮৪ৰ পৰা চলি অহা বিষয় এটা ছমাহতে শেষ হৈ যাব, তিনি মাহতে শেষ হ’ব বুলি ক’ব নোৱাৰি৷ বর্তমান চৰকাৰে দুই–তিনি বছৰৰ সময়সীমা লৈ চলি আছে৷ এই সময়ছোৱাত আন একো নহ’লেও অসমখন শান্তিত চলি আছে৷ অস্থায়ী হ’লেও অসম শান্তিত আছে৷
ইপিনে, দেওবাৰে দিল্লীত মুখ্যমন্ত্রীয়ে বিশ্বৰ শেহতীয়া অত্যাধুনিক প্রযুক্তি ব্যৱস্থাৰে আকাশমার্গৰ পৰা মেপিং কৰা প্রতিষ্ঠান ভাৰত চৰকাৰৰ সংস্থা wapcosৰ প্রতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি প্রাৰম্ভিক বৈঠক অনুষ্ঠিত হয়৷ সদ্যহতে অসমৰ ভূমিৰ তথ্য ডিজিটালাইজেচন কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব৷ ইয়াৰ জৰিয়তে ৰাজ্যখনত ফৰেষ্ট ক’ভাৰেজৰ তথ্য আহৰণ কৰাৰ পাছত বনভূমিত নতুনকৈ বসবাস কৰাটো ৰোধ কৰিব পৰা যাব৷ তেতিয়া বনভূমিৰ অধিকাৰ ৰূপায়ণতো চৰকাৰৰ সুবিধা হ’ব৷ ৰাজ্যখনৰ ৭৮ হাজাৰ বর্গ কিলোমিটাৰ এলেকাৰ বিস্তৃত তথ্য সেই ব্যৱস্থাৰে উপলব্ধ হ’ব৷ অত্যাধুনিক এই প্রযুক্তিৰ জৰিয়তে ক’ত বসতি আছে, কেনেধৰণৰ ঘৰ আছে, ক’ত বসতি নাই সকলো জানিব পৰা যাব৷ তদুপৰি এই মেপিঙৰ ফলত ব্রহ্মপুত্রৰ পানী কোন জলাশয়লৈ নি পাছত জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰি নেকি জানিব পৰা যাব৷ বিশ্বৰ শেহতীয়া এই অত্যাধুনিক প্রযুক্তি আকাশ মার্গত বিমান বা হেলিকপ্ঢাৰ ব্যৱহাৰ কৰি ভূখণ্ডৰ কিছু তলৰ পৰাও তথ্য আহৰণ কৰিব পাৰি৷ বেআইনী খনন আদিৰ দিশটো এই প্রযুক্তিৰে দৃষ্টি ৰাখিব পাৰি৷
গুৱাহাটীৰ পানী নিষ্কাশনৰ ক্ষেত্রতো এই পদ্ধতি প্রয়োগ কৰিব পৰা যাব৷ প্রতিষ্ঠানটোৰ প্রতিনিধিৰ সৈতে হোৱা আলোচনাৰ সময়ত অসমৰ ৰাজহ মন্ত্রী যোগেন মহন, জলসিঞ্চন মন্ত্রী অশোক সিংঘল, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ কুমাৰ শইকীয়াও উপস্থিত আছিল৷
ইপিনে, মুখ্যমন্ত্রী ড০ শর্মাই দিল্লীৰ উপ–ৰাজ্যপালৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ দিল্লীত অসমৰ সাংস্কৃতিক কেন্দ্র এটা স্থাপনৰ বাবে মাটি বিচাৰি উপ–ৰাজ্যপালগৰাকীৰ সৈতে তেওঁ আলোচনাত মিলিত হয়৷ উক্ত সাংস্কৃতিক কেন্দ্রটো স্থাপনৰ বাবে ৰাজ্যিক বাজেটতো পুঁজি ধার্য কৰিছে৷ আনহাতে, আজি ৰাজ্যৰ চাহ উদ্যোগৰ উপৰি ১০ লাখ মেট্রিকটন চাউল ৰাখিব পৰাকৈ ৱেৰহাউছ স্থাপন সম্পর্কতো কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মা আন এক আলোচনাত মিলিত হয়৷