নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনপ্রাপ্ত শিক্ষার্থীৰ বাবে আজি খুলিল শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ক’ভিড পৰিস্থিতি ৰাজ্যত উন্নত হোৱাৰ পৰিপ্রেক্ষিতত আজিৰ পৰা খোল খালে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ৷ ক’ভিড প্রট’কলৰ মাজেৰে শিক্ষার্থীৰ বাবে পুনৰ আৰম্ভ হ’ব নিয়মীয়া পাঠদান৷ অৱশ্যে প্রাথমিক পর্যায়ত কেৱল দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ পাঠদানহে আৰম্ভ কৰা হ’ব৷

এইক্ষেত্রত ইতিমধ্যে কেতবোৰ বিশেষ নীতি–নির্দেশনা নির্ধাৰণ কৰি সুকীয়া পৰিপূৰক এছ অ’ পি প্রকাশ কৰা হৈছে৷ সেই অনুসৰি এটা শ্রেণীৰ প্রতিটো শাখাত সর্বাধিক ৩০জন শিক্ষার্থীক পাঠদানৰহে অনুমতি প্রদান কৰা হৈছে৷ সেইদৰে ১৮ বছৰ ঊর্ধ্বৰ শিক্ষার্থীসকলে পাঠদানত উপস্থিত হোৱাৰ বাবে অতি কমেও ক’ভিড ভেকচিনৰ এটা পালি হ’লেও গ্রহণ কৰিব লাগিব৷

সেইদৰে ছাত্রাৱাস অথবা ছাত্রী নিৱাসত থকাৰ সুবিধা লাভ কৰিবলৈ হ’লে সংশ্লিষ্ট শিক্ষার্থীসকলে ভেকচিনৰ দুয়োটা পালি গ্রহণ কৰিব লাগিব৷ অৱশ্যে দ্বাদশ শ্রেণীত অধ্যয়নৰত অধিকাংশ শিক্ষার্থীয়েই যিহেতু ১৮ বছৰৰ অনূর্ধ্বৰ, সেয়েহে তেওঁলোকৰ ক্ষেত্রত মাত্রাধিক যতন ল’বলৈ এই নতুন এছ অ’ পিৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহক পৰামর্শ প্রদান কৰা হৈছে৷ তদুপৰি শ্রেণীকোঠাৰ ভিতৰত শিক্ষার্থীসকলে সামাজিক দূৰত্ব মানি বহিব লাগিব৷

প্রতি সপ্তাহৰ মূৰে মূৰে শ্রেণীকোঠাসমূহ জিলা প্রশাসনৰ সহযোগত বিদ্যালয় পৰিচালনা কমিটীসমূহে ছেনিটাইজ কৰিব লাগিব৷ সেইদৰে ব্যক্তিগত বিদ্যালয়সমূহৰ স্কুলবাছৰ ক্ষেত্রতো কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ একেদৰে এখন জিলাত ০২ শতাংশ আক্রান্তৰ হাৰ অতিক্রম হ’লেই সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তই ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনাৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিব পাৰিব৷ আন শ্রেণীসমূহৰ পাঠদান ভার্চুৱেল মাধ্যমেৰে অব্যাহত ৰাখিব লাগিব শিক্ষানুষ্ঠানসমূহে৷

উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ সময়ত ৰাজ্যত আক্রন্তৰ হাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যজুৰি কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছিল৷ সান্ধ্য আইন বলৱৎ কৰাকে ধৰি বিগত এপ্রিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই বিদ্যালয়সমূহত নিয়মীয়া পাঠদান বন্ধ ৰখা হয়৷ প্রথম ঢ়ৌৰ সংক্রমণ ক্রমাৎ নিয়ন্ত্রণলৈ অহাত ৰাজ্যত সেই সময়ত শিক্ষানুষ্ঠানসমূহ খুলিবলৈ আৰম্ভ কৰিছিল যদিও কেইদিনমানৰ ভিতৰতে আক্রান্তৰ হাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি নিয়মীয়া পাঠদান পুনৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷

আনকি ক’ভিডৰ সংক্রমণৰ বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাও অনুষ্ঠিত কৰিব নোৱাৰিলে চৰকাৰে৷ সেয়েহে বিশেষজ্ঞ কমিটীৰ পৰামর্শ অনুসৰি বিকল্প মূল্যায়ন পদ্ধতিৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ সমান্তৰালভাৱে ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যত শৈক্ষিক বর্ষৰো সময় সালসলনি ইতিমধ্যেই কৰা হৈছে৷ একেদৰে শিক্ষার্থীসকলৰ শৈক্ষিক লোকচানৰ প্রতি লক্ষ্য ৰাখি সংকুচিত কৰা হৈছে পাঠ্যক্রম৷

শেহতীয়াকৈ ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ১ শতাংশৰ তললৈ হ্রাস পোৱাৰ পাছতে বিভিন্ন ক্ষেত্রত শিথিলতা প্রদান কৰাৰ লগতে দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ চূড়ান্ত বর্ষ তথা কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আজিৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে নিয়মীয়া পাঠদান পুনৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে৷ এই বিদ্যালয় চৌহদসমূহৰ হাবি–বন কাটি পৰিষ্কাৰ কৰাৰ লগতে নিয়মীয়া পাঠদানৰ পূর্বে সংশ্লিষ্ট বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শ্রেণীকোঠা আৰু চৌহদ ছেনিটাইজ কৰা হৈছে৷

ইপিনে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰৰ চূড়ান্ত বর্ষৰ পাঠদান আৰম্ভ কৰাৰ বাবে এছ অ’ পি জাৰি কৰা হৈছে৷ অনাগত সময়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰা হ’ব৷ যদিহে ক’ভিড পৰিস্থিতি ক্রমাৎ অধিক উন্নত হয়, তেনেহ’লে পর্যায়ক্রমে আন শ্রেণীসমূহৰ পাঠদানো আৰম্ভ কৰা হ’ব৷

ইফালে ছাত্র–ছাত্রী আৰু অভিভাৱকসকলক শংকিত হোৱাৰ পৰিৱর্তে অধিক সতর্ক হ’বলৈ শিক্ষামন্ত্রীগৰাকীয়ে আহ্বান জনাইছে৷

You might also like