সীমান্ত সুৰক্ষা বাহিনীত ২৬৯ পদ; আবেদনৰ অন্তিম তাৰিখ ১০ অক্টোবৰ
কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত সীমান্ত সুৰক্ষা বাহিনী(Border Security Force) অর্থাৎ বি এছ এফত অচিৰেইGroup-C পর্যায়ৰNon-Gazetted আৰ Non MinisterialৰConstable (General Duty)ৰ ২৬৯ পদSports Quotaত পূৰণ কৰা হ’ব৷
ইতিমধ্যে এই বিষয়েHQ DG BSF New DelhiৰDIG (Trg.-II/Sports)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি Constable (General Duty)ৰ ২৬৯ পদ পূৰণ হ’বলগীয়া শিতানসমূহ হৈছে–Boxing-Men (10), Boxing-Women (10), Judo-Men (8), Judo-Women (8), Swimming-Men (12), Swimming-Women (4), Cross Country-Men (2), Cross Country-Women (2), Kabaddi-Men (10), Water Sports-Men (10), Water Sports-Women (6), Wushu-Men (11), Gymnastics-Men (8), Hockey-Men (8), Weight Lifting-Men (8), Weight Lifting-Women (9), Volleyball-Men (10), Wrestling-Men (12), Wrestling-Women (10), Handball-Men (8), Body Building-Men (6), Archery-Men (8), Archery-Women (12), Tae-Kwondo-Men (10), Athletics-Men (20), Athletics-Women (25), Equestrian-Men (2), Shooting-Men (3), Shooting-Women (3), Football-Men (8)৷
আবেদনকাৰী দশম শ্রেণী অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১ আগষ্ট, ২০২১লৈ ১৮–২৩ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ২১,৭০০–৬৯,১০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://rectt.bsf.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ৯ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ২২ ছেপ্ঢেম্বৰ, ২০২১লৈ অব্যাহত থাকিব৷