নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ সকীয়নি দালালি নচলিব মই থপিয়াব লাগিলে কথা বেয়া হ’ব

কলাক্ষেত্রত অতিৰিক্ত উপায়ুক্ত–ৰাজহ চক্র বিষয়াৰ সন্মিলনত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ভূমি সম্পর্কীয় কাম–কাজ কৰিবলৈ গৈ দালালৰ হাতত পৰি সর্বস্বান্ত হোৱা নাগৰিকক সকাহ দি মঙলবাৰে দালাল চক্রক সকীয়ালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যৰ প্রতিটো ৰাজহ চক্র বিষয়াৰ কার্যালয় অথবা জিলা উপায়ুক্তৰ কার্যালয়ত মাটিৰ একাংশ দালালে বিভিন্ন অজুহাতেৰে ভূমিৰ গৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ কার্যতঃ দালাল অবিহনে মাটিৰ কোনো কাম–কাজ আগনাবাঢ়ে বুলি সাধাৰণ ৰাইজে বহু দিনৰে পৰাই এক ধাৰণা কৰি লৈছে৷ কিন্তু দালাল চক্রৰ এনে দপ্দপনি উৎখাত কৰাৰ হুংকাৰ দি মঙলবাৰে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– ‘মই মুখ্যমন্ত্রী হৈ থকালৈকে মাটিৰ কাম দালালৰ জৰিয়তে হ’ব নোৱাৰিব৷ চার্কোল অফিচত দালাল দেখিলেই মই থপিয়াম৷ মই থপিয়াব লাগিলে কথা বেয়া হ’ব৷’

উল্লেখ্য যে মহানগৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত অতিৰিক্ত উপায়ুক্ত (ৰাজহ), চক্র বিষয়া আৰু চক্র বিষয়া (সংলগ্ণ)ৰ সন্মিলনৰ দ্বিতীয় দিনাৰ কার্যসূচীত আজি বিষয়াসকলৰ সৈতে এক বার্তালাপত মিলিত হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যতঃ ৰাজ্যৰ প্রতিখন জিলাত ভূমি সম্পর্কীয় কাম–কাজক লৈ চলি থকা বিভিন্ন খেলিমেলি তথা অমীমাংসিত অৱস্থাত থকা ভূমি সমস্যাক লৈ চলা এই পর্যালোচনা বৈঠকতে মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰি দিলে এতিয়াৰে পৰা চক্র বিষয়াৰ কার্যালয়ত নচলিব দালালৰাজ৷ মাটিৰ কাম দালালৰ হাতেৰে নহয়, চক্র বিষয়াৰ হাতেৰেহে হ’ব লাগিব৷ যিটো কার্যালয়ত দালালৰাজ থাকিব তাতেই চকু ৰাখিব মুখ্যমন্ত্রীয়ে৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা অতিৰিক্ত উপায়ুক্ত আৰু চক্র বিষয়াসকলক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়– চক্র বিষয়াৰ কার্যালয়ত চলা দালালৰাজ অন্ত পেলাব লাগিব৷ এই দালালৰ জৰিয়তে এসময়ত ময়ো মাটিৰ কাম–কাজ কৰিব লগা হৈছিল৷ মই ২০০১ চনত মন্ত্রী হোৱাৰ পিছতো মাটিৰ কাম–কাজ দালালৰ দ্বাৰা কৰিব লগা হৈছিল৷ সাধাৰণ লোক গ’লে কাম–কাজ নহয়৷ এজন লোকে দালাল নধৰিলে মাটিৰ কাম–কাজ আগনাবাঢ়ে৷ কিন্তু এতিয়া এনে নহ’ব৷ য’তেই দালাল যায় মই কিন্তু গ্রেপ্তাৰ কৰিম৷ চক্র বিষয়াসকলৰ আটাইতকৈ ডাঙৰ প্রত্যাহ্বানটো হ’ল যে নিজৰ কার্যালয়ত কেনেকৈ সাধাৰণ লোক এজন গৈ সুকলমে কাম কৰিব পাৰে৷

উল্লেখ্য যে চক্র বিষয়াৰ কার্যালয়ত বিগত দীর্ঘদিন ধৰি চলি থকা দালালৰাজৰ ক’লা অধ্যায় উন্মোচিত কৰি মুখ্যমন্ত্রীয়ে আজি এইবুলি আক্ষেপ প্রকাশ কৰে যে দালালৰাজৰ বাবেই নিজৰ মাটিডৰাৰ কাম লৈ কার্যালয়লৈ যোৱা সাধাৰণ লোকক বিষয়া–কর্মচাৰীয়ে গুৰুত্বই নিদিয়ে৷ সেয়েহে ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ সাধাৰণ লোক যাবলৈ ভয় কৰে৷ কিন্তু এতিয়াৰে পৰা সেই মানসিকতা সলনি কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয়– এজন অতিৰিক্ত উপায়ুক্ত আৰু এজন ৰাজহ চক্র বিষয়া কাইলৈ উপায়ুক্ত হ’ব৷ কিন্তু বর্তমান পৰিস্থিতিত এনে মানসিকতা লৈ থকা হৈছে যে আমি এখন দালালৰ সাম্রাজ্যক প্রতিনিধিত্ব কৰি আছোঁ৷ কার্যালয়বিলাকত দালালবিলাকৰ প্রাদুর্ভাৱ বাঢ়ি গৈ আছে৷ সাধাৰণ লোকৰ মনত এটা ধাৰণা হৈছে যে দালাল অবিহনে কাম–কাজ নহ’ব৷ কোনো এজন ডিচি, এডিচি, চার্কোল অফিচাৰে এই কথাটো উপলব্ধি নকৰে যে মোৰ ওচৰত দালালে কিয় কামটো লৈ আহিছে৷ সাধাৰণ লোক এজনে নিজেই কিয় কামটো লৈ অহা নাই৷ সেয়েহে এতিয়া দালালৰাজৰ অন্ত পেলাব লাগে আৰু চার্কোল অফিচৰ পৰা গামোচা পিন্ধাই দালালক কাইলৈৰ পৰা বিদায় দিব লাগিব৷ মই থপিয়াব লাগিলে কথা বেয়া হ’ব৷ এজন আই এ এছ বিষয়াৰ প্রথম চিনাকি দৰিদ্র লোকৰ সৈতেহে হ’ব লাগে৷ দালালৰ সৈতে নহয়৷

এই বৈঠকতে  মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে প্রতিটো চক্র বিষয়াৰ কার্যালয়ৰ বিপৰীতে তিনিজনকৈ বিশেষ ব্যক্তিক মুখ্যমন্ত্রীয়ে নিয়োগ কৰিব৷ এই ব্যক্তিকেইগৰাকীয়ে কার্যালয়ৰ কাম–কাজৰ সকলো দিশ পর্যবেক্ষণ কৰি থাকিব৷ আনহাতে মুখ্যমন্ত্রীয়ে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ কার্যালয়ত মাটি সম্পর্কীয় ফাইলৰ কিয় দ’ম লাগিছে তাক লৈয়ো এই বৈঠকতে প্রশ্ণ তোলে৷ মুখ্যমন্ত্রীয়ে কয়, মাটি বিক্রীৰ অনুমতি বিচাৰি ফাইলৰ দ’ম হৈছে কামৰূপ মহানগৰ জিলাত৷ ৭ হাজাৰ ফাইল নিষ্পত্তি নোহোৱাকৈ আছে৷ এই বিষয়বোৰ নিষ্পত্তি কৰিব লাগিব৷ ইয়াত অধিবক্তাৰ কি প্রয়োজন? প্রতি শুকুৰবাৰে বিয়লি ৩ বজাৰ ভিতৰত মাটি ক্রয়–বিক্রয়ৰ অনুমতি সন্দর্ভত বৈঠক পাতি প্রতিটো আবেদন নিষ্পত্তি কৰাৰ বাবেও আজি মুখ্যমন্ত্রীয়ে কামৰূপ জিলা উপায়ুক্তক স্পষ্ট নির্দেশ দিয়ে৷ আনহাতে অহা ৬ অক্টোবৰৰ ভিতৰত এনে সকলো ফাইল নিষ্পত্তি কৰাৰ বাবেও আজি নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷

উল্লেখ্য যে অহা ২ অক্টোবৰৰ পৰা ভূমি সম্পর্কীয় কাম–কাজ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব মিছন বসুন্ধৰা৷ দুদিনীয়াকৈ অনুষ্ঠিত অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্র বিষয়াৰ এই সন্মিলনত আৰম্ভ কৰিবলগীয়া মিছন বসুন্ধৰা ৰূপায়ণৰ ক্ষেত্রত আহিব পৰা বাধাসমূহ আৰু আন্তঃগাঁথনিমূলক সমস্যা, প্রয়োজনীয় কর্মচাৰী, প্রান্তীয় অঞ্চলত ইণ্টাৰনেট সেৱা আদি বিষয়সমূহ আলোচনা কৰা হয়৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয় যে অনলাইন ভূমি ৰেকর্ড উন্নীতকৰণ, ভূমি পৰিৱর্তন, ভূমি ৰূপান্তৰ আদিকে ধৰি ১০টা সেৱা এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ’ব আৰু মিছন বসুন্ধৰা আঁচনিখন সময় নির্ধাৰিতভাৱে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চক্র বিষয়াসকললৈ সকলো ধৰণৰ সুবিধা আগবঢ়াব৷ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনত ভূমি ৰেকর্ডসমূহ সম্পূর্ণৰূপে ডিজিটাইজেচন কৰাৰ লগতে নন–কেডেষ্ট্রেল গাঁওসমূহ জৰীপ কৰাটো এই অভিযানৰ মূল লক্ষ্য হ’ব৷ এই সন্মিলনতে মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই অভিযানে প্রায় ৪ লাখ বিঘা একচনীয়া ভূমি ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা প্রক্রিয়াটো দ্রুত কৰিব৷ সাধাৰণ ৰাইজে ভূমিৰ হস্তান্তৰ, ভূমি তথ্যপাতি উন্নীতকৰণৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ অভিযোগসমূহ অনলাইনত পঞ্জীয়ন কৰিব পাৰিব৷ কোনোধৰণৰ আপত্তি নথকা গোচৰসমূহ মিছন বসুন্ধৰাৰ জৰিয়তে দ্রুতগতিত নিষ্পত্তি কৰিব পৰা যাব বুলিও আজি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই মিছন বসুন্ধৰা অভিযানৰ প্রতিটো কার্যতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অনবৰতে চকু দি থাকিব বুলিও আজি স্পষ্ট কৰি দিয়ে৷ আজিৰ এই সন্মিলনত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, মুখ্য সচিব জিষ্ণু বৰুৱা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্বন আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া জি ডি ত্রিপাঠী উপস্থিত থাকে৷

You might also like