আভ্যন্তৰীণ জল পৰিবহণৰ তিনি বিষয়াক নিলম্বন
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ নিমাতীঘাটৰ ফেৰী দুর্ঘটনা সংক্রান্তত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে বিভাগে আভ্যন্তৰীণ জল পৰিবহণৰ তিনিগৰাকী বিষয়াক তৎকালে চাকৰিৰ পৰা নিলম্বিত কৰে৷ নিলম্বিত কৰা বিষয়াকেইগৰাকী হৈছে আভ্যন্তৰীণ জল পৰিবহণৰ ডিব্রুগড় সংমণ্ডলৰ কার্যবাহী অভিযন্তা বিক্রমাদিত্য চৌধুৰী, যোৰহাট উপ–সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা মুকুট গগৈ আৰু যোৰহাট উপ–সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলী৷
উল্লেখ্য যে নিশাই ঘটনাস্থলীলৈ পৰিস্থিতিৰ পর্যবেক্ষণ কৰাৰ বাবে ৰাওনা হৈছে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী৷