নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ ছত্রছায়াত ছয়মাইলত পার্কিং ছিণ্ডিকেট

ই–ৰিক্সা, টেম্প’, বলেৰ’ পিকভানৰ পৰা নিতৌ ২০ৰ পৰা ৫০–১০০ টকা সংগ্রহ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে মহানগৰীৰ ছয়মাইলত চলিছে পার্কিং ছিণ্ডিকেট৷ মহানগৰ আৰক্ষীৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ সেউজ সংকেতপ্রাপ্ত কেইজনমান স্থানীয় উদণ্ড যুৱকে নিতৌ ছয়মাইল উৰণীয়া সেতুৰ সমীপত ৰখোৱা বাহনৰ চালকসকলৰ পৰা ডাবি–ধমকিৰে ধন সংগ্রহ কৰি আহিছে৷ বিশেষকৈ উদণ্ড যুৱকৰ দলটোৱে ই–ৰিক্সা, পিকআপ ভান আৰু টেম্প’ৰ লগতে অন্যান্য মালবাহী ট্রাকৰ পৰাও নিয়মীয়াকৈ গুণ্ডাকৰ সংগ্রহ কৰিছে৷ একাংশ ভুক্তভোগী চালকৰ অভিযোগ মতে, জনৈক মুন্নাৰ নেতৃত্বত এটা উদণ্ড যুৱকৰ দলে আৰক্ষী প্রশাসনক মেনেজ কৰি প্রতিখন ই–ৰিক্সাৰ পৰা ২০–৩০ টকা, পিকআপ ভানৰ পৰা ৩০–৪০ টকা, টেম্প’ৰ পৰা ৩০–৪০ টকা আৰু মালবাহী ট্রাকৰ পৰা ৫০–১০০ টকা সংগ্রহ কৰে৷ কোনো চালকে যদি দাবী কৰা ধন আদায় দিবলৈ অনিচ্ছা প্রকাশ কৰে তেন্তে উদণ্ড যুৱককেইজনে চালকসকলক অশ্লীল গালি–গালাজ কৰাৰ লগতে মাৰধৰ কৰাৰো অভিযোগ কৰে৷

বিশেষকৈ ছয়মাইলৰ পৰা পাঞ্জাবাৰী, বৰবাৰী আৰু বাঘৰবড়ীলৈ চলাচল কৰা ই–ৰিক্সা চালকসকলৰ পৰা উদণ্ড যুৱককেইজনে নিতৌ ডাবি–ধমকিৰে হাজাৰ হাজাৰ টকা সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷ ভুক্তভোগী চালকসকলে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী প্রশাসন তথা পৰিবহণ বিভাগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো সুফল পোৱা নাই৷ উদণ্ড যুৱককেইজনৰ এই কার্যৰ বাবে আনকি ই–ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বহু চালকে ছয়মাইল এৰিবলগীয়া হৈছে৷

ইপিনে, ছয়মাইলৰ পৰা বৰবাৰীলৈ চলাচল কৰা ই–ৰিক্সা চলাচল বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি মুন্নাক এই অবৈধ গুণ্ডাকৰ সংগ্রহ কৰা কার্যত আনোৱাৰ হুছেইন, ফজলুল আলী আৰু ছামৰে সহযোগ কৰি আহিছে৷ ক’ৰোনা অতিমাৰীসৃষ্ট পৰিৱেশৰ মাজতে ই–ৰিক্সা, টেম্প’ আৰু পিকআপ ভানৰ লগতে অন্যান্য চালকসকল বিশেষভাৱে আর্থিক সংকটৰ সন্মুখীন হৈছে৷ একে সময়তে এই চালকসকলৰ পৰা ডাবি–ধমকিৰে ধন সংগ্রহ কৰি উদণ্ড যুৱককেইজনে নির্যাতন চলাই অহাত চালকসকলে ক্ষোভ প্রকাশ কৰে৷ সেয়েহে এইক্ষেত্রত আৰক্ষী–প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনাইছে৷

You might also like