নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বৰষুণতে জলমগ্ণ নাৰেংগী পথঃ ব্যৱসায়িক প্রতিষ্ঠানত সোমাল পানী

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে পুৱা অহা এজাক মুষলধৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানৰ লগতে নাৰেংগীত কৃত্রিম বানৰ সৃষ্টি হয়৷ এই আকস্মিক বানৰ ফলত নাৰেংগী–চন্দ্রপুৰ পথৰ এটা অংশ একাঁঠু পর্যন্ত পানীত ডুব যোৱাৰ উপৰি কেইবাখন ব্যৱসায়িক প্রতিষ্ঠান জলমগ্ণ হৈ পৰে৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰ ভাগত হঠাৎ এজাক ধাৰাসাৰ বৰষুণ আহে৷ প্রায় এঘণ্টা ধৰি হোৱা নেৰানেপেৰা বৰষুণজাকৰ ফলত নাৰেংগী এল জি টাৱাৰৰ সন্মুখৰ চন্দ্রপুৰ পথৰ এটা অংশ জলমগ্ণ হৈ পৰে৷

বৰষুণ তথা ধলৰ পানীয়ে পথছোৱাত একাঁঠু পর্যন্ত পানী হৈ পৰে আৰু সৰু বাহনসমূহ আবদ্ধ হৈ পৰাত কিছু সময়ৰ বাবে যান–জঁটৰ সৃষ্টি হয় পথটোত৷ ইয়াৰ উপৰি দাঁতিতে লাগি থকা লক্ষী বজাৰৰ প্রায়কেইখন ব্যৱসায়িক প্রতিষ্ঠানতে ধলৰ পানী সোমাই পৰাৰ ফলত বহু সামগ্রী নষ্ট হয়৷

উল্লেখ্য যে এনেদৰে এজাক বৰষুণৰ পিছত প্রায়ে কৃত্রিম বানত আহুকালৰ সন্মুখীন হৈ আহিছে ব্যৱসায়ীসকলৰ লগতে অঞ্চলবাসী৷ বিশেষকৈ পথৰ কাষত থকা নলাসমূহ সময়মতে পৰিষ্কাৰ নকৰা বাবে বৰষুণ অথবা ধলৰ পানী ওলাই যাব নোৱাৰাৰ ফলত এনেদৰে কৃত্রিম বানত জলাকলা খাই থাকিব লগা বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰিছে৷ সেয়ে এইক্ষেত্রত শীঘ্রে যাৱতীয় ব্যৱস্থা গ্রহণৰ দাবী জনাইছে সংশ্লিষ্ট বিভাগীয় কর্তৃপক্ষক৷

You might also like