নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ অভিযুক্তৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ গুৱাহাটীৰ খাৰঘুলিস্থিত বিলাসী ৰিভেৰিয়া এপার্টমেণ্টৰ ড্রাগ্ছৰ পার্টীৰ গোচৰত গ্রেপ্তাৰ হোৱা ৫ অভিযুক্তৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ নিষিদ্ধ ড্রাগ্ছ আৰু ক’কেইন ব্যৱহাৰে জন্মদিনৰ পার্টী অনুষ্ঠিত কৰা গোচৰটোৰ অন্যতম অভিযুক্ত অমিত বৰুৱা, জুবি বৰুৱা, পংকজ কাকতি, বিকাশ জৈন আৰু সিদ্ধার্থ বৰঠাকুৰৰ জামিন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে৷

ইপিনে, গোচৰটোত গ্রেপ্তাৰ হোৱা আন সাত অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে ন্যায়ালয়ে৷ চর্তসাপেক্ষে জামিন লাভ কৰা অভিযুক্তকেইজন হৈছে অমিত পেগু, ৰিদীপ বৰুৱা, নিমিষা বৰুৱা, ৰাকেশ বৰগোহাঁই, নয়নিকা বৰগোহাঁই, বনমালিকা চৌধুৰী আৰু দেৱাযানী হাজৰিকাই৷ এই গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি প্রদান কৰে লোক–ধিবক্তা মাখন ফুকনে৷

You might also like