নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিৰতি ঘোষণা ডিএনএলএৰঃ বহিব শান্তি আলোচনাত

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ছমাহৰ বাবে বিনাচর্তে অস্ত্রবিৰতি ঘোষণা কৰিছে ডিমাচা নেচনেল লিবাৰেচন আর্মী (ডি এন এল এ)–এ৷ এক বিবৃতিত সংগঠনটোৰ অধ্যক্ষ খাৰমিনদাও ডিমাচাই প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনোৱা শান্তি আলোচনাৰ প্রতি সঁহাৰি জনাই তেওঁলোকে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

বিশেষকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে এটা শান্তিপূর্ণ পৰিৱেশৰ মাজত শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ একে সময়তে তেওঁলোকে আশা প্রকাশ কৰে যে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত সদ্ভাৱনামূলক আলোচনাৰ জৰিয়তে ডিমাচা সম্প্রদায়ৰ সর্বাংগীণ বিকাশৰ বাবে পদক্ষেপ গ্রহণ কৰিব৷

উল্লেখ্য যে কার্বি পাহাৰৰ কেইবাটাও উগ্রপন্থী সংগঠনে ইতিমধ্যে শান্তি আলোচনাত অংশগ্রহণৰ বাবে আগবাঢ়ি আহিছে৷ সংগঠনসমূহে কেন্দ্রীয় চৰকাৰৰ সৈতে শেহতীয়াকৈ শান্তি চুক্তিও সম্পন্ন কৰিছে৷

You might also like