নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৱর্ক ফ্রম হোম’ চলিলে বিবাহ বিচ্ছেদ

গোৱেংকালৈ কর্মচাৰীৰ পত্নীৰ পত্র

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ মুম্বাইত ক’ৰোনা মহামাৰীৰ সংক্রমণৰ বাবে ৱর্ক ফ্রম হোম ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ এই ব্যৱস্থাত কার্যালয়লৈ নোযোৱাকৈ ঘৰতে কার্যালয়ৰ বিভিন্ন কাম কৰি আহিছে কর্মচাৰীসকলে৷ পৰিস্থিতি বিশ্লেষণ কৰি বিভিন্ন মহলে এই ব্যৱস্থাক আদৰণি জনাইছে৷ কিন্তু এই ৱর্ক ফ্রম হোমৰ বাবেই বহু দম্পতীৰ বিবাহ বিচ্ছেদ হ’বলগীয়া অৱস্থা হৈছে৷ শেহতীয়াকৈ হর্ষ গোৱেংকাৰ সংস্থাত কাম কৰা জনৈক মনোজ নামৰ কর্মীজনৰ পত্নীয়ে গোৱেংকালৈ এক পত্র প্রেৰণ কৰিছে৷

এই পত্রত মনোজ পত্নীয়ে উল্লেখ কৰিছে যে শীঘ্রে তেওঁৰ স্বামীক কার্যালয়লৈ যোৱাৰ নির্দেশ দিব লাগে, নহ’লে তেওঁলোকৰ সংসাৰ ভাঙি যাব পাৰে বুলি পত্রখনত উল্লেখ কৰা হৈছে৷ ঘৰত বহি কাম কৰা মনোজে প্রতি মুহূর্ততে কেৱল কফী বিচাৰি পত্নীক সমস্যাত পেলোৱাৰ উপৰি ঘৰৰ পৰিস্থিতি লণ্ডভণ্ড কৰি অৱস্থা অসহ্যকৰ কৰি তুলিছে৷ এই পত্র পোৱাৰ পিছতে হর্ষ গোৱেংকাই টুইটাৰত ইয়াৰ উত্তৰ কি দিব, সেই সন্দর্ভত অনুৰাগীসকলক প্রশ্ণ কৰিছে৷ লগে লগে নেট মাধ্যমত বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ স্মর্তব্য যে মনোজে ইতিমধ্যে ক’ভিডৰ দুয়োটা ভেকচিনৰ ড’জ লোৱা বুলিও পত্রখনৰ জৰিয়তে পত্নীয়ে জনাই দিছে হর্ষ গোৱেংকাক৷

You might also like