ভৱানীপুৰত আকর্ষণীয় হ’ব তিনি অধিবক্তাৰ যুঁজ
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ বিধানসভাৰ উপ–নির্বাচন হ’লেও পশ্চিমবংগৰ ভৱানীপুৰ সমষ্টিৰ ওপৰত দেশৰ সংবাদ মাধ্যমৰ নজৰ নিবদ্ধ হৈ পৰিছে৷ এই সমষ্টিটোত মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নামিছে বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱাল৷ ইয়াৰ উপৰি চিপিআই(এম)ৰ শ্রীজীৱ বিশ্বাসে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে এই গুৰুত্বপূর্ণ সমষ্টিটোত৷ লক্ষণীয়ভাৱে তিনিওগৰাকী প্রার্থীয়েই হৈছে আইনজীৱী৷
মমতা বেনার্জীয়ে আদালতত পেছাগতভাৱে ব্যস্ততাৰ বাবে মনোনিৱেশ কৰা নাই৷ কিন্তু প্রিয়ংকা আৰু শ্রীজীৱ হৈছে পেছাগতভাৱে অধিবক্তা৷ গতিকে সমষ্টিটোৰ যুঁজ এইবাৰ অধিবক্তাৰ যুঁজ হিচাপে চিহ্ণিত হৈছে৷স্মর্তব্য যে ১৯৮২ চনত আইনৰ ডিগ্রী লাভ কৰিছিল মমতা বেনার্জীয়ে৷ দুই–তিনিবাৰ ক’লা কোট পৰিধান কৰি আদালতত যুক্তি–তর্কত লিপ্ত হোৱাও দেখা গৈছিল মমতাক৷
ইফালে, চাৰি অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনৰ বাবে মমতা বেনার্জীয়ে শুকুৰবাৰে মনোনয়ন পত্র দাখিল কৰিছে৷ লক্ষণীয়ভাৱে ভৱানীপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ প্রার্থী প্রিয়ংকাই কম দিনৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে প্রার্থী প্রিয়ংকা হ’লেও মমতাৰ বিৰুদ্ধে নির্বাচনী যুঁজখনত তুৰুপৰ তাচ হিচাপে ব্যৱহাৰ হ’ব বিজেপি নেতা ৰুদ্রনীল ঘোষ৷ ঘোষেই প্রথমতে বিজেপিৰ প্রার্থী হোৱাৰ কথা আছিল যদিও অন্তিম সময়ত এই চিন্তা পৰিহাৰ কৰে নেতাজনে৷