নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইজিএনচিএৰ বক্তৃতানুষ্ঠানত চিন্তাবিদ ময়ূৰ বৰা

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ যশস্বী পণ্ডিত তথা শংকৰদেৱ চর্চাক দেশ–বিদেশৰ বিদ্যায়তনিক মহলত সুকীয়া মাত্রা দিবলৈ সক্ষম হোৱা ড০ মহেশ্বৰ নেওগৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ সন্মানার্থে প্রথমবাৰৰ বাবে কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি মন্ত্রালয়ৰ অধীনৰ সংস্থা ‘ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আর্টছ’–এIGNCAৰ ১৩ ছেপ্টেম্বৰত এক বিশেষ বত্তৃণতাৰ আয়োজন কৰিছে৷

উক্ত বত্তৃণতাৰ বাবেIGNCA–এ লেখক, চিন্তাবিদ ময়ূৰ বৰাক আমন্ত্রণ কৰিছে৷ বত্তৃণতাৰ বিষয়বস্তু হৈছে–‘Srimanta Sankaradeva : The Uniqueness of the Man and His Mission’৷ বৰাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বর্ণিল অৱদানসমূহৰ বিভিন্ন দিশ দাঙি ধৰি মূলতঃ তেওঁৰ জীৱন আৰু ভাবাদর্শৰ অনন্যতাৰ বিষয়ে দেশৰ বিদ্বৎ মহলক জনাব৷

নাবার্ডৰ পুনেস্থিত ক্ষেত্রীয় কার্যালয়ৰ উপ–মহাপ্রবন্ধক হিচাপে কাম কৰি থকাৰ মাজতেই বৰাই যোৱা ৩১ মার্চত স্বেচ্ছামূলক অৱসৰ লৈ অসমলৈ ঘূৰি আহে আৰু লিখা–মেলাৰ কামত মনোনিৱেশ কৰে৷ ১৬খন গ্রন্থ ৰচনা কৰা ময়ূৰ বৰাই শংকৰদেৱক এজন বিস্ময়কৰভাৱে প্রতিভাশালী তেজ–মঙহৰ মানুহ হিচাপে বিচাৰ–বিশ্লেষণ কৰি আহিছে৷ প্রায় ৭০খনতকৈও অধিক কলেজ আৰু বিশ্ববিদ্যালয়ত ভাষণ প্রদান কৰা বৰাই শংকৰদেৱ সম্বন্ধে ২০১৭ চনৰ ২৩ আগষ্টত তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত দিয়া বত্তৃণতাটো বিশেষভাৱে সমাদৃত হৈছিল৷

You might also like