লখিমপুৰত পঞ্চভূতত বিলীন ইন্দ্রেশ্বৰৰ নশ্বৰ দেহঃ নিমাতীৰ দলং প্রয়াত স্বামীৰ নামত নামকৰণৰ আহ্বান পত্নীৰ
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সকৰুণ নিমাতীঘাট নাও দুর্ঘটনাত আত্মীয়ৰ জীৱন ৰক্ষা কৰি আত্মবলিদান দিয়া লখিমপুৰৰ নাওবৈচাৰ ইন্দ্রেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহ শনিবাৰে বিশ্বনাথঘাটৰ নাতিদূৰৰ ভাচাটাপুত উদ্ধাৰ কৰা হয়৷ যোৱা তিনি দিন ধৰি ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হোৱা উৎকণ্ঠাৰ শনিবাৰে পুৱা অৱসান ঘটিল৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভাচাটাপুৰ এটা সৰু বালিচৰত শনিবাৰে পুৱাৰ ভাগত এটা মৃতদেহ উদ্ধাৰ কৰে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ টহলদাৰী দলে৷
ওপৰমুৱাকৈ দুহাত মেলি বোকা–বালিৰ দ’মটোত লাগি থকা মৃতদেহটো যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ নাও দুর্ঘটনাত মৃত্যু হোৱা লোকৰ বুলি সন্দেহ কৰি বন্যপ্রাণী বিভাগৰ টহলদাৰী দলটোৱে বিশ্বনাথ চাৰিআলি আৰক্ষী আৰু সংবাদ মাধ্যমক খবৰ দিয়ে৷ ইতিমধ্যে উদ্ধাৰ কৰা মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা মানীবেগত ইন্দ্রেশ্বৰ বৰাৰ নামত পানকার্ড, ভোটাৰ কার্ড, এ টি এম কার্ড, চালকৰ অনুজ্ঞাপত্র, ফটো আদিৰ পৰা নিশ্চিত হয় যে মৃতদেহটো নিমাতীৰ নাও দুর্ঘটনাৰ সন্ধানহীন ইন্দ্রেশ্বৰ বৰাৰ৷ ইতিমধ্যে নীলা ৰঙৰ জিন্ছৰ পেণ্ট আৰু বগা ছার্টৰ লগতে সোঁহাতৰ মধ্যমা আঙুলিত পৰিহিত J’ আখৰ সম্বলিত আঙঠি আৰু হাত ঘড়ীটোৰ পৰা মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি নিশ্চিত হয়৷ স্থানীয়ভাৱে ইন্দ্রেশ্বৰ বৰাক ‘জান’ ৰূপেই চিনি পায়৷ সেয়ে আঙঠিত খোদিত তেওঁৰ নামৰ আদ্যাক্ষৰটোৱে মৃতদেহটো চিনাক্ত কৰাত যথেষ্ট সহায়ক হয়৷
মৃতদেহটো পাছত বিশ্বনাথঘাটৰ নদী আৰক্ষী থানালৈ অনা হয়৷ উদ্ধাৰ হোৱা মৃতদেহটো প্রত্যক্ষ কৰিবলৈ বিশ্বনাথঘাটত অসংখ্য লোকে ভিৰ কৰেহি৷ ইতিমধ্যে বিশ্বনাথঘাটত বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, উপায়ুক্ত প্রণৱ কুমাৰ শর্মা আদি উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্রেৰণৰ বিষয়সমূহ তদাৰক কৰে৷ উল্লেখ্য যে কালি বিশ্বনাথৰে ছোৱাগুৰিত উদ্ধাৰ কৰা হৈছিল ইন্দ্রেশ্বৰ বৰাৰ বেগটো৷ শনিবাৰে বেগৰ সমান্তৰালভাৱে ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালটোৰ দুখৰ বোজা পাতল নহ’লেও অন্ততঃ এটা নিশ্চিত তথ্য লাভ কৰিলে৷ শনিবাৰে মৰণোত্তৰ পৰীক্ষাকালত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰাৰ লগতে ইন্দ্রেশ্বৰৰ পৰিয়ালটোৰ দুখৰ সমভাগী হয়৷
পঞ্চভূতত বিলীন ইন্দ্রেশ্বৰ বৰাৰ নশ্বৰ দেহ
এক চৰম শোকাকুল পৰিৱেশত শনিবাৰে সন্ধিয়া পঞ্চভূতত বিলীন হ’ল নিমাতীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা লখিমপুৰৰ ইন্দ্রেশ্বৰ বৰাৰ নশ্বৰ দেহ৷ ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱাৰ পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সন্ধিয়া লখিমপুৰৰ ৰামপুৰস্থিত স্বগৃহলৈ অনা হয়৷ প্রয়াত ইন্দ্রেশ্বৰৰ পিতৃ–মাতৃ, পত্নী তথা আত্মীয়–স্বজনৰ হিয়াভঙা কান্দোনে অবর্ণনীয় পৰিৱেশ সৃষ্টি কৰে৷ কণমানি ভতিজাই মুখাগ্ণি কৰে ইন্দ্রেশ্বৰ বৰাৰ৷ দাওদাওকৈ জ্বলি উঠা চিতাৰ জুইকুৰা শোকৰ অগনি হৈ জ্বলিছিল প্রত্যেকৰে হূদয়ত৷ সকলোৱে মৰমৰ যুৱকজনৰ চিতাৰ পৰা উৰি যোৱা জুইৰ ধোঁৱালৈ চাই মাথোঁ উচুপিছিল৷
ইফালে বিয়লি তেওঁৰ ঘৰত উপস্থিত হয় মন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্রদান বৰুৱা, উপায়ুক্ত সুমিত সত্তায়ন, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদি৷ মুখ্যমন্ত্রীৰে আলোচনা কৰি পৰিয়ালটোক সংস্থাপনৰ আশ্বাস দিয়ে মন্ত্রী ৰণোজ পেগুৱে৷ আনহাতে অহা চাৰি বছৰত নিমাতী ঘূণাসুঁতি, লুইত খাবলু, চেলেক ধূনাগুৰি আদিত দলং নির্মাণ কৰা হ’ব বুলি ৰাইজৰ সন্মুখত আশ্বাস দিয়ে সাংসদ প্রদান বৰুৱাই৷ উল্লেখ্য যে সেই দুর্ভাগ্যজনক ঘটনাত প্রাণ হেৰুওৱা ইন্দ্রেশ্বৰ বৰাৰ পত্নীয়ে নির্মাণ হ’বলগীয়া নিমাতীৰ দলংখন প্রয়াত স্বামীৰ নামত নামকৰণ কৰাৰ বাবে আহ্বান জনায়৷