নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ ডকাইত বগা

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ৷ শনিবাৰে মাজনিশা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰে হোৱা গুলীয়াগুলীত এজন দুর্ধর্ষ ডকাইত নিহত হোৱাৰ বিপৰীতে সংঘর্ষস্থলীৰ পৰা চীনত নির্মিত এটা অত্যাধুনিক পিষ্টল আৰু গুলী উদ্ধাৰ হয়৷ দেওবাৰে দুপৰীয়াৰ ভাগত ধুবুৰীস্থিত নিজ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত ডকাইতৰ দলৰে হোৱা সংঘর্ষৰ বিষয়ে সদৰী কৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজৎ গুৰাৱে৷ আৰক্ষী অধীক্ষকজনে প্রকাশ কৰা অনুসৰি শনিবাৰে নিশা প্রায় ১ বজাতবঙাইগাঁৱৰ পৰা বিলাসীপাৰা অঞ্চলত ডকাইতি কৰাৰ উদ্দেশ্যে এটা ডকাইতৰ দল আহি থকাৰ এক গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ধুবুৰী জিলাৰ চাপৰ আৰু বিলাসীপাৰাৰ সমীপৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত নাকা চেকিঙৰ ব্যৱস্থা কৰিছিল৷ কিন্তু তিনিখন মটৰচাইকেলত অহা ডকাইতৰ দলটোৱে চাপৰত বহুওৱা আৰক্ষীৰ নাকা চেকিঙৰ বেহু ফালি পলাবলৈ সক্ষম হৈছিল৷ তেতিয়া চাপৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রণৱ দ’লে আৰু শালকোছা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া বিপুল দাসৰ নেতৃত্বত এটা দলে ডকাইতকেইজনক পিছে পিছে খেদি যায়৷

ইপিনে, ডকাইতৰ দলটো ৰাষ্ট্রীয় ঘাইপথেৰে আহি বিলাসীপাৰাৰ সমীপৰ বেলতলী আৰু হাকামাৰ মাজত থকা আৰক্ষীৰ আন এটা নাকা চেকিঙৰ সন্মুখীন হৈছিল৷ বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আৰু বিলাসীপাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়া সঞ্জীৱ কুমাৰ দাসৰ নেতৃত্বত থকা আৰক্ষীৰ দ্বিতীয়টো দলৰ সন্মুখীন হৈ ডকাইতকেইজনে এইবাৰ ৰখিবলৈ বাধ্য হয়৷ ইতিমধ্যে ডকাইতকেইজনক খেদি খেদি চাপৰৰ পৰা অহা আৰক্ষীৰ দলটোও উক্ত স্থানত উপস্থিত হৈছিল৷ ৰাষ্ট্রীয় ঘাইপথৰ দুই দিশৰ পৰাই আৰক্ষীৰ বেহুত আবদ্ধ হৈ পৰা ডকাইতৰ দলটোৱে অকাস্মতে চাপৰৰ দিশৰ পৰা অহা আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু তেতিয়া প্রত্যুত্তৰত আৰক্ষীয়ো প্রায় ৯জজাই গুলীবর্ষণ কৰে৷ সংঘর্ষ চলি থকাৰ সময়ত হঠাৎ ডকাইতৰ দলটোৰ এখন মটৰচাইকেলৰ পিছফালে বহি অহা এজন ৰাজপথত ঢ়লি পৰা প্রত্যক্ষ কৰে আৰক্ষীয়ে৷ ইয়াৰ মাজতে গুলীবিদ্ধ সংগীক ৰাজপথতে এৰি আন্ধাৰৰ সুযোগ লৈ এটা উপ–পথেৰে পলাই যায় আন ডকাইতকেইজন৷

ইপিনে, গুলীবিদ্ধ ডকাইতটোক আৰক্ষীয়ে ততালিকে বিলাসীপাৰা মহকুমা চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰীৰ ঝগৰাৰপাৰস্থিত অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পৰামর্শ দিয়ে৷ সেই অনুসৰি ডকাইতজনক ধুবুৰী অসামৰিক চিকিৎসালয়খনলৈ অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ইতিমধ্যে মৃত ডকাইতটোক ধুবুৰী জিলাৰ চাপৰৰ ৰৌমাৰী অঞ্চলৰ জনৈক ছহিদুল আলী ওৰফে ছহিদুল ইছলাম ওৰফে বগা ওৰফে চুজি (৩০) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ এজন দাগী অপৰাধী ৰূপে পৰিচিত মৃত ডকাইতটোৰ বিৰুদ্ধে বঙাইগাঁৱত এটা আৰু ধুবুৰী জিলাৰ চাপৰ থানাত তিনিটাকৈ গোচৰ ৰুজু হৈ আছে৷ আনকি পূর্বে আৰক্ষীৰ হাতত গ্রেপ্তাৰো হৈছিল বগা৷ ইপিনে, বিলাসীপাৰাৰ সমীপৰ ৰাষ্ট্রীয় ঘাইপথত আজি পুৱতিনিশা ডকাইতৰ দলটোৰ সৈতে হোৱা সংঘর্ষস্থলীৰ পৰা এটা চীনত নির্মিত অত্যাধুনিক নাইন এম এম পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ লগত দুটা সক্রিয় আৰু দুটা খালী কার্টিজ উদ্ধাৰ কৰাবুলিও জনাইছে আৰক্ষীয়ে৷
বৰপেটাৰ পালহাজীত নিশা গুলীচালনা
বৰপেটা সদৰ থানাৰ অন্তর্গত পালহাজীত কালি নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ ঘটনাটোৱে বৰপেটাত সৃষ্টি কৰিছে তীব্র চাঞ্চল্য৷ ড্রাগ্ছ ব্যৱসায়ৰ ঘাটি হিচাপে পৰিচিত পালহাজীত ড্রাগ্ছ মাফিয়াই এই গুলীচালনাৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্রকাশ কৰা হৈছে৷ নামনি অসমৰ কুখ্যাত ড্রাগ্ছ মাফিয়া পালহাজীৰ শ্বাহৰুখ ওৰফে মুক্তাৰ উক্ত গুলীচালনাৰ ঘটনাৰ সৈতে জডিত বুলি সন্দেহ কৰা হৈছে৷ কুখ্যাত ড্রাগ্ছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ বিষয়ে আৰক্ষীক খবৰ দিয়াৰ সন্দেহতে আলিপ হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখত ড্রাগ্ছ মাফিয়াই নিশা গুলীচালনা কৰে৷ নিশা প্রায় ১১বজাত সংঘটিত এই গুলীচালনাৰ ঘটনাৰ পাছৰে পৰাই আতংকত ভুগিছে আলিপ হুছেইনৰ পৰিয়াল৷ প্রত্যক্ষদর্শীৰ মতে, তিনি জজাই গুলী ফুটাই মটৰচাইকেলেৰে আঁতৰি যায় দুই যুৱক৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা দুটা খালী কার্টিজ আৰু আন দুটা সক্রিয় গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনাটোৰ পাছতেইবৰপেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন যুৱকক সোধা–পোছাৰবাবে আটক কৰা বুলি গাঁওবাসীয়ে জানিবলৈ দিছে যদিও আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে এতিয়াও কোনো কথাই সদৰী কৰাৰ পৰা বিৰত আছে৷ ইপিনে, ড্রাগ্ছ ব্যৱসায়েৰে বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ সন্দেহত আৰক্ষীয়ে ইতিপূর্বে ড্রাগ্ছ মাফিয়া শ্বাহৰুখ ওৰফে মুক্তাৰৰ ঘৰৰ পৰা এখন এক্সকেভেটৰ আৰু দুখনকৈ ড্রেক্টৰ জব্দ কৰা বুলি জানিব পৰা গৈছে৷ ড্রাগ্ছ ব্যৱসায়ৰ ঘাটিত ড্রাগ্ছ মাফিয়া মুক্তাৰৰ গুলীচালনাৰ ঘটনাক লৈ সমগ্র পালহাজী অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

You might also like