নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৱেষণা পর্যায়তে চলি আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়া

কেন্দ্রীয় জনজাতি মন্ত্রীৰ মন্তব্যতে ওলাল স্বৰূপ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বর্তমানো গৱেষণা পর্যায়তে আছে৷ সোমবাৰে বিয়লি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত কেন্দ্রীয় জনজাতি মন্ত্রী অর্জুন মুণ্ডাই এই কথা প্রকাশ কৰে৷ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত সংবাদ মেলখনত কেন্দ্রীয় মন্ত্রী মুণ্ডাই কয় যে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত বর্তমান গৱেষণা পর্যায়ৰ প্রক্রিয়া চলি আছে৷ জনজাতিকৰণৰ বিষয় এটা দীঘলীয়া প্রক্রিয়া৷ কোনো জনগোষ্ঠীক জনজাতিৰ মর্যাদা দিয়াৰ পূর্বে বহু স্তৰ অতিক্রম কৰিব লাগে৷ ভাৰত চৰকাৰে বিষয়টো ইতিবাচক দিশেৰে লৈ সকলো বিভাগৰ পৰা মতামত লৈ আছে৷ কেন্দ্রীয় জনজাতি মন্ত্রী মুণ্ডাৰ এই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে– ৰাজ্যখনৰ দীর্ঘদিনীয়া সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অতি সোনকালে সমাধান হোৱাৰ আশা নাই৷

ইপিনে, সংবাদ মেলখনত কেন্দ্রীয় মন্ত্রী মুণ্ডাই কয় যে ৰাজ্যখনৰ জনজাতিসকলৰ উন্নয়নৰ কার্যসূচীসমূহ সঠিক ৰূপায়ণৰ বাবে জনজাতি মন্ত্রালয় দায়বদ্ধ৷ জনজাতীয় গাঁওসমূহৰ পৰম্পৰাগত ব্যৱস্থা অক্ষুণ্ণ ৰাখি তেওঁলোকে উৎপাদন কৰা সামগ্রীসমূহৰ মূল্য সংযোজন কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বজাৰত বিক্রী কৰা হ’ব৷ দেশৰ জনজাতিসকলৰ সকলো ধৰণৰ উন্নয়নৰ বাবে জনজাতি মন্ত্রালয়ে ৪০টা মন্ত্রালয়ৰ সৈতে সু–সমন্বয় ৰক্ষা কৰি কাম কৰিছে৷ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা কেন্দ্রীয় মন্ত্রী মুণ্ডাই কয় যে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে হোৱা আলোচনাৰ অন্ততঃ ৰাজ্যখনত নতুনকৈ ১৮৪টা বন ধন কেন্দ্র স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ প্রধানমন্ত্রী আদর্শ গ্রাম যোজনাৰ অধীনত ৰাজ্যখনত ১,৭০০ আদর্শ গাঁও স্থাপনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ সেইদৰে ৰাজ্যখনত জনজাতি আৱাসিক বিদ্যালয় স্থাপনৰ বিষয়ে সদৰী কৰি কেন্দ্রীয় মন্ত্রী মুণ্ডাই কয় যে প্রতিখন বিদ্যালয়তে ৪৮০গৰাকী ছাত্র–ছাত্রীক ৰখাৰ ব্যৱস্থা থাকিব আৰু সকলো একাডেমিক সুবিধাৰ লগতে খেলপথাৰ, শিক্ষকৰ কোৱার্টাৰ আৰু অতিথিশালা থাকিব৷

আনহাতে, কেন্দ্রীয় মন্ত্রী মুণ্ডাই সোমবাৰে ৰাজভৱনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি অসমৰ জনজাতিসকলৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে৷ বন ধন বিকাশ কেন্দ্রই জনজাতিসকলৰ বিকাশ আৰু উন্নয়নত গেম চেঞ্জাৰ হিচাপে কাম কৰিব বুলি মন্ত্রী মুণ্ডাই অৱগত কৰি কয় যে অনাগত দিনত এই ব্যৱস্থাই সংস্থাপনৰ সুযোগ দিয়াৰ লগতে জনজাতিসকলক অর্থনৈতিকভাৱে সবলীকৰণ কৰিব৷ আলোচনাকালত ৰাজ্যপাল মুখীয়ে অঞ্চলটোৰ জনজাতিসকলক সামাজিকভাৱে শৈক্ষিক দিশত আৰু অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ বাবে কেন্দ্রই গ্রহণ কৰা সকলো আঁচনি ৰূপায়ণৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব বুলি কয়৷ ইয়াৰ পূর্বে কেন্দ্রীয় মন্ত্রী মুণ্ডাই শক্তিপীঠ কামাখ্যালৈ গৈ মা কামাখ্যাৰ আশীর্বাদ গ্রহণ কৰে৷ দুদিনীয়া অসম ভ্রমণৰ সময়ছোৱাত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জনজাতি উন্নয়নৰ আঁচনি ৰূপায়ণৰ ক্ষেত্রত তৃণমূল পর্যায়ত সন্মুখীন হোৱা সমস্যা আৰু অগ্রগতিৰ পর্যালোচনা কৰে৷

You might also like