নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰ ডাঃ বিক্রমজিতৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  এসপ্তাহৰ উৎকণ্ঠাৰ অন্তত আজি লুইতৰ বুকুত মাজুলীৰ দক্ষিণ আঁহতগুৰি ভেকেলী চাপৰিত উদ্ধাৰ হ’ল নিমাতী ফেৰী দুর্ঘটনাত সন্ধানহীন হৈ থকা ডাঃ বিক্রমজিৎ বৰুৱাৰ মৃতদেহ৷ মঙলবাৰে পুৱা এজন মাছমৰীয়াই ভেকেলী চাপৰিৰ বালিচৰত এজন ব্যক্তিৰ মৃতদেহ প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিছত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ তিনিখন নাও উক্ত স্থানলৈ ৰাওনা হোৱাৰ পিছত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নিমাতীঘাটলৈ লৈ আনে৷ পিছত ক’লা টি–ছার্ট জীনছ পেণ্ট আৰু নীলা জোতা পিন্ধি থকা আৰু হাতত টাঁটু থকা প্রত্যক্ষ কৰি পৰিয়ালৰ লোক মৃতদেহটো বিক্রমজিৎ বৰুৱাৰ বুলি নিশ্চিত হয়৷ জনপ্রিয় চিকিৎসকগৰাকীৰ মৃতদেহ নিমাতীঘাট আহি পোৱাৰ খবৰ লাভ কৰাৰ লগে লগে অগণন লোক আহি নিমাতীঘাটত ভিৰ কৰে৷ পিছত প্রশাসনে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়৷

চিকিৎসাগৰাকীৰ মৃত্যুত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ পিছত তেওঁৰ মৃতদেহ যোৰহাট বৰুৱা চাৰিআলিস্থিত ফ্লেটলৈ অনাৰ পিছত নিজ ঘৰ বডিগাঁৱলৈ নিয়া হয়৷ বডিগাঁৱত অঞ্চলটোৰ অগণন লোকে জনপ্রিয় চিকিৎসকগৰাকীৰ অকাল মৃত্যুত শোকত ভাগি পৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷ ইফালে বিক্রমজিৎ বৰুৱাৰ বেগটো বিশ্বনাথঘাটত উদ্ধাৰ হৈছে৷ বেগটোত পানকার্ড, ভোটাৰ কার্ড, ড্রাইভিং লাইচেঞ্চ আদি কৰি বিভিন্ন সামগ্রী পোৱা গৈছে৷ ৮ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে ব্রহ্মপুত্রৰ বুকুত অভিযান চলাই আছিল যদিও চিকিৎসকজনৰ সন্ধান লাভ কৰিব পৰা নাছিল৷

উল্লেখ যে ই এন টি বিভাগৰ চিকিৎসক ডাঃ বিক্রমজিৎ বৰুৱা আছিল এজন জনপ্রিয় চিকিৎসক৷ কেৱল চিকিৎসক হিচাপে নহয় ব্যক্তি হিচাপে সমাজৰ সর্বস্তৰৰ লোকৰ মাজত জনপ্রিয় আছিল বিক্রমজিৎ বৰুৱা৷ বিগত প্রায় চাৰি বছৰৰ অধিক কাল মাজুলী গড়মূৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই যোৱা বিক্রমজিৎ বৰুৱা মাজুলীতো অতি জনপ্রিয় আছিল৷ চিকিৎসকজনৰ অকাল বিয়োগত আজি মাজুলীবাসীও ম্রিয়মাণ হৈছে৷ যোৱা ৮ ছেপ্ঢেম্বৰত নিমাতীঘাটত সংঘটিত ফেৰী দুর্ঘটনাৰ মা কমলা নামৰ ফেৰীখনত উঠি মাজুলীত কর্তব্য সম্পাদনৰ বাবে গৈছিল চিকিৎসক বিক্রমজিৎ বৰুৱা৷ কিন্তু বিপৰীত দিশৰ পৰা অহা টিপকাই নামৰ মাৰ নাওখনৰ সৈতে মা কমলা নামৰ ফেৰীখনৰ সৈতে মুখামুখি সংঘর্ষৰ হোৱাত মা কমলা ফেৰীখনত থকা প্রায় ৯০গৰাকীৰ অধিক যাত্রীৰ দৈৱক্রমে প্রাণৰক্ষা পৰে যদিও যোৰহাটৰ ডাঃ বিক্রমজিৎ বৰুৱা, গুৱাহাটীৰ পৰীমিতা দাস আৰু লখিমপুৰৰ ইন্দ্রেশ্বৰ বৰাৰ মহাবাহুৰ বুকুত সলিল সমাধি ঘটে৷ মৃত্যুৰ সময়ত বিক্রমজিৎ বৰুৱাই পিতৃ–মাতৃসহ পত্নী দুই সন্তান আৰু দুই ভাতৃক এৰি গৈছে৷

You might also like