নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL: নীলা জার্ছী পিন্ধি খেলপথাৰত নামিব আৰচিবি

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: আই পি এলৰ দ্বিতীয় লেগত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নিজৰ প্রথমখন মেচত নীলা জার্ছী পৰিধান কৰি খেলপথাৰত নামিব৷ ক’ভিডৰ বিৰুদ্ধে যুঁজত সন্মুখৰ পৰা নেতৃত্ব দি অহা যোদ্ধাসকলৰ প্রতি সন্মান প্রদর্শনৰ উদ্দেশ্যে বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ২০ ছেপ্ঢেম্বৰত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত নীলা জার্ছী পৰিধান কৰিব৷ দলটোৱে টুইটাৰত আজি এই কথা প্রকাশ কৰিছে৷

ইয়াৰ পূর্বে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰিবলৈ বৃহৎ পৰিমাণৰ আর্থিক ধনৰাশি আগবঢ়াইছিল৷ ক’ভিডৰ প্রাদুর্ভাৱৰ বাবে দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তো দলটোৱে অক্সিজেন কনচেনট্রেটৰৰ ১০০টা ইউনিট দান কৰিছিল৷

উল্লেখ্য যে মে’ত দেশজুৰি সৃষ্টি হোৱা ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে আই পি এল আধাতে বন্ধ কৰিবলগীয়া হৈছিল৷ অৱশিষ্ট মেচকেইখন অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব৷

You might also like