দেশৰ ভিতৰতে অসমত সর্বাধিক হাৰত মহিলাৰ বিৰুদ্ধে অপৰাধ
এনচিআৰবিৰ ‘ক্রাইম ইন ইণ্ডিয়া–২০২০’ প্রতিবেদনত উদ্বেগজনক তথ্য
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ শীর্ষ ৰাজ্যলৈ পর্যবসিত হৈছে অসম৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৱে (এন চি আৰ বি) সদ্যহতে প্রকাশ কৰা ‘ক্রাইম ইন ইণ্ডিয়া–২০২০’ শীর্ষক প্রতিবেদনত অসমৰ বাবে অতি লজ্জাজনক এই তথ্য পোহৰলৈ আহিছে৷ বাস্তৱত মহিলাৰ বাবে অসম মুঠেই সুৰক্ষিত নহয়৷ বিগত বছৰত অর্থাৎ ২০২০ চনত ৰাজ্যৰ প্রতি ৬৬৭গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই ধর্ষণ কিম্বা ঘৰুৱা নির্যাতন কিম্বা বিভিন্ন ধৰণৰ শাৰীৰিক তথা মানসিক আতিশয্যৰ চিকাৰ হৈছে৷
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰত সর্বাধিক (১৫৪.৩)৷ তথ্য মতে ২০২০ বর্ষত অসমত মহিলাৰ সংখ্যা আছিল ১.৭০৭ কোটি৷ এই বর্ষত অসমত অপৰাধৰ বলি হৈছে ২৬,৩৫২গৰাকী মহিলা৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা চতুর্থবাৰৰ বাবে একেৰাহে মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত অসমে অতি লজ্জাজনকভাৱে শীর্ষস্থান দখল কৰিছে৷ ইয়াৰ পূর্বে দেশৰ ৰাজধানী দিল্লী আছিল মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রতো শীর্ষত৷ পিছে এইবাৰ ৰাজ্যখনে তালিকাৰ তৃতীয় স্থানত (১০৬.৪) আছে৷ ১১২.৯ হাৰত দ্বিতীয় স্থানত আছে ওড়িশা৷
উল্লেখ্য যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাষ্ট্রীয় হাৰ হৈছে ৫৬.৫৷ সেয়েহে কোনো সন্দেহ নাই ১৫৪.৩ হাৰ লাভ কৰি অসমে এতিয়া মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিকেন্দ্রত পৰিগণিত হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্রত অসম আৰক্ষীৰ ব্যর্থতাও এন চি আৰ বিৰ প্রতিবেদনত প্রতিফলিত হৈছে৷ ২০২০ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মাত্র ৬৩.৮ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত একমাত্র ৰাজস্থানক (৫৫) বাদ দিলে অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম সমগ্র দেশৰ ভিতৰত পিছপৰি আছে৷ ৰাষ্ট্রীয় পর্যায়ত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৮.৬ শতাংশ৷ লক্ষণীয়ভাৱে কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰতেই নহয়, সামগ্রিকভাৱে সংগঠিত অপৰাধৰ গোচৰতো অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম আৰক্ষীৰ ব্যর্থতা চকুত পৰিবলগীয়া৷
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০২০ চনত অসমত মুঠ ১,১১,৫৫৮টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত মাত্র ৪৭.১ শতাংশ গোচৰতহে অসম আৰক্ষীয়ে অপৰাধনামা দাখিল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত অসমৰ এই হাৰ সর্বনিম্ন৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় পর্যায়ত সামগ্রিক অপৰাধৰ গোচৰত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৫.৮ শতাংশ৷ আনহাতে অতি উদ্বেগজনকভাৱে নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি ২০২০ চনত দেশত দৈনিক ৮০টা হত্যা আৰু ৭৭টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে যোৱা বছৰ দেশত মুঠ ৪২,৫৪,৩৫৬টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ আনহাতে ক্রমাৎ অসমত চাইবাৰ ক্রাইমৰ ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০১৮ চনত অসমত ২,০২২টা চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হৈছিল৷ ২০১৯ত এই সংখ্যা বৃদ্ধি পাইছিল ২,২৩১লৈ৷ ২০২০ চনত দেখা গ’ল ২০১৯ চনতকৈ অসমত ৫০ শতাংশৰো বেছি চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হ’ল৷ সংঘটিত হ’ল ৩,৫৩০টা চাইবাৰ অপৰাধমূলক ঘটনা৷ বাস্তৱত ৰাষ্ট্রীয় পর্যায়তকৈও অসমত সংঘটিত চাইবাৰ ক্রাইমৰ হাৰ অত্যধিক৷ ২০২০ চনত অসমত সংঘটিত চাইবাৰ ক্রাইমৰ হাৰ আছিল ১০.১৷ ৰাষ্ট্রীয় পর্যায়ত এই হাৰ হৈছে মাত্র ৩.৭৷ বাস্তৱত কর্ণাটক (১৬.২) আৰু তেলেংগানাৰ (১৩.৪) পাছত অসমতেই চাইবাৰ ক্রাইমৰ হাৰ দেশৰ ভিতৰত সর্বাধিক৷ চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ ক্ষেত্রতো অসমৰ হাৰ দেশৰ ভিতৰত সর্বনিম্ন৷ ৰাষ্ট্রীয় পর্যায়ত যেতিয়া এই হাৰ হৈছে ৪৭.৫, তেতিয়া অসমত চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ হাৰ হৈছে মাত্র ১৯.৪ শতাংশ৷
১৯ মেট্র’পলিটান চহৰত মহিলাৰ বিৰুদ্ধে অপৰাধ ২১.১ শতাংশ হ্রাস
দেশজুৰি ২০১৯ৰ তুলনাত ২০২০ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সামান্য নিম্নগামী হৈছে৷ ১৯ মেট্র’ পলিটান চহৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২১.১ শতাংশ হ্রাস পোৱাৰ বিপৰীতে দেশজুৰি ২০১৯ৰ তুলনাত ২০২০ত এনে অপৰাধ ৮.৩ শতাংশ হ্রাস পাইছে৷ এয়া সামান্য সকাহৰ তথ্য যদিও দেশজুৰি হত্যা আৰু ধর্ষণৰ ঘটনা তুলনামূলক দৃষ্টিত হ্রাস পোৱা নাই৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এন চি আৰ বি)ই ক্রাইম ইন ইণ্ডিয়া ২০২০ শীর্ষক প্রতিবেদনত প্রকাশ কৰা তথ্য অনুসৰি দেশত প্রতিদিনে গড়ে ৮০টা হত্যাৰ ঘটনা সংঘটিত হয়৷ প্রতিদিনে গড়ে ৭৭ ধর্ষণৰ ঘটনা সংঘটিত হয়৷
তাৎপর্যপূর্ণ যে তুলনামূলকভাবে দেশত অপহৰণৰ ঘটনা ১৯ শতাংশ হ্রাস পাইছে৷ এন চি আৰ বিয়ে প্রকাশ কৰা প্রতিবেদনত উত্তৰ প্রদেশত সর্বাধিক হত্যাৰ ঘটনা সংঘটিত হৈছে৷ দেশজুৰি সংঘটিত ২৯,১৯৩ ঘটনাৰ ভিতৰত উত্তৰ প্রদেশত ৩,৭৭৯টা ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পাছতেই বিহাৰত ৩,১৫০, মহাৰাষ্ট্রত ২,১৬৩, মধ্যপ্রদেশত ২,১০১, পশ্চিমবংগত ১,৯৪৮টা হত্যাৰ ঘটনা সংঘটিত হৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত অপৰাধমূলক ঘটনা ২০১৯ৰ তুলনাত ২০২০ত ১৬ শতাংশ হ্রাস পাইছে৷ প্রতিবেদন মতে, দিল্লীত ৪৭২ হত্যাকাণ্ড সংঘটিত হৈছে৷ ২০১৯ত প্রতিদিনে ৭৯টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২০ত ৮০টা সংঘটিত হৈছে৷ অর্থাৎ এক শতাংশ হত্যাকাণ্ড বৃদ্ধি পাইছে৷ দেশজুৰি ২০২০ত গড়ে ৭৭টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ মুঠ ধর্ষণৰ ঘটনা ২৮,০৪৬টা৷
লক্ষণীয় যে ২০১৮ৰ তুলনাত ২০১৯ত মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা বৃদ্ধি পাইছিল যদিও ২০২০ত এই ঘটনা হ্রাস পাইছে৷ ২০২০ত দেশজুৰি মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা সংঘটিত হৈছে ৩,৭১,৫০৩টা৷ ২০ লাখতকৈ অধিক জনসংখ্যাৰ ১৯ মেট্র’ পলিটান চহৰত ২০১৯ৰ তুলনাত ২০২০ত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২১.১ শতাংশ হ্রাস পাইছে৷ ২০১৯ চনত সংঘটিত ৪৪,৭৮৩ৰ বিপৰীতে ২০২০ত এই ঘটনা সংঘটিত হৈছে ৩৫,৩৩১টা৷ ২০১৮ আৰু ২০১৯ৰ তুলনাত ২০২০ত অপহৰণৰ ঘটনা ১৯ শতাংশ হ্রাস পাইছে৷ এই বর্ষটোত ৮৪,৮০৫টা অপহৰণৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত ১২,৯১৩টা উত্তৰ প্রদেশত, পশ্চিমবংগত ৯,৩০৯টা, মহাৰাষ্ট্রত ৮,১০৩টা, বিহাৰত ৭,৮৮৯টা আৰু মধ্যপ্রদেশত ৭,৩২০টা৷