নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ মহাজোঁটক লৈ আকৌ ওলোটাখৰ মাৰিছে কংগ্রেছে৷ কিছুদিন পূর্বে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফ, বি পি এফৰে মিত্রতা ছেদৰ লগতে অনাগত দিনত দলটোৱে ১২৬টা বিধানসভা সমষ্টিতে সংগঠন শক্তিশালী কৰাত আত্মনিয়োগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনকি আসন্ন উপ–নির্বাচনতো কংগ্রেছে অকলেই নির্বাচনত অৱতীর্ণ হ’ব বুলি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাকে ধৰি দলটোৰ বিভিন্নজন নেতাই মন্তব্য কৰি আহিছিল৷
পিছে একে সময়তে বুধবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে এই মুহূর্তত অসমত সকলো বিৰোধী দল একত্রিত হোৱাটো প্রয়োজন৷ ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, এ আই ইউ ডি এফ, কংগ্রেছ সকলো একত্রিত হ’ব লাগে৷ তেওঁলোকৰ সৈতে আলোচনা কৰিব লাগে৷ এই বিষয়ে তেওঁ কংগ্রেছ বিধায়িনী দলৰ নেতা হিচাপে হাইকমাণ্ডক অৱগত কৰিব বুলি জানিবলৈ দি কয় যে বিৰোধী একিত্রত হ’লেহে ভাল হ’ব৷ আসন্ন উপ–নির্বাচনত বিৰোধীয়ে ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰি তেওঁ কয় যে এই মুহূর্তলৈ সেয়া হৈ উঠা নাই যদিও নির্বাচনত মনোনয়ন দাখিলৰ পাছতো প্রার্থিত্ব প্রত্যাহাৰ কৰি ঐক্যবদ্ধ হোৱাৰ অৱকাশ থাকে৷
ইপিনে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামেও মহাজোঁটৰ পোষকতা কৰি কয় যে কংগ্রেছে মহাজোঁটৰ পৰা আমাক বাদ দিছে৷ উপ–নির্বাচনত কোন থাকিব, কোন নাথাকিব সেয়া ডাঙৰ দল হিচাপে কংগ্রেছে নির্ধাৰণ কৰিব৷ কিন্তু আমাৰ দলে অকলে নির্বাচন খেলিও তিনিজনকৈ সাংসদ নির্বাচিত কৰিবলৈ সক্ষম হৈছিল৷ বিজেপিৰ বিৰুদ্ধে আজিৰ তাৰিখত কংগ্রেছে অকলে যুঁজাৰ শক্তি নাই বুলি আমি ভাবোঁ৷ আজিও আমি এটা মহাজোঁটৰ প্রয়োজন অনুভৱ কৰোঁ৷ কিন্তু কংগ্রেছত এতিয়াও বিজেপিৰ বহু এজেণ্ট আছে৷ তাৰ বাবেই আমাৰ ১৫গৰাকীকৈ বিধায়ক থকা সত্ত্বেও আমাক মিত্রতাৰ পৰা এৰি দিছে৷ এয়া কংগ্রেছৰ কিমান সমীচীন হৈছে, তেওঁলোকে জানিব৷