নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা চনু সুদৰ বাসগৃহসহ ৬ স্থানত আয়কৰৰ অভিযান

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  বিগত বর্ষৰ ক’ভিড–১৯ লকডাউনৰ সময়ত দুখীয়া প্রব্রজিত শ্রমিকক নিজ জন্মভূমিলৈ পকেটৰ ধন খৰচ কৰি ওভতাই পঠিয়াই মানৱ দৰদী আখ্যা পোৱা অভিনেতা চনু সুদৰ বাসগৃহকে ধৰি ৬ স্থানত আয়কৰ বিভাগে অভিযান চলাইছে৷ কৰফাঁকিৰ অভিযোগ উত্থাপন কৰি অভিনেতা চনু সুদৰ মুম্বাইস্থিত বাসগৃহত বুধবাৰে পুৱা আয়কৰ বিভাগে অভিযান চলোৱাৰ সমান্তৰালকৈ অভিনেতাজন জড়িত লক্ষ্ণৌৰ কোম্পানীটোতো অভিযান চলাইছে৷ বিভাগটোৱে অভিযান চলোৱাৰ পিছত অভিনেতাজনৰ বাসগৃহ তথা আন স্থানৰ পৰা বিশেষ তথ্য উদ্ধাৰ কৰা সন্দর্ভত এতিয়াও আনুষ্ঠানিকতা প্রকাশ কৰা নাই৷

উল্লেখ্য যে ক’ভিড–১৯ লকডাউনৰ সময়ত নিজৰ পকেটৰ ধন খৰচ কৰি সেৱা আগবঢ়োৱা মানৱ দৰদী অভিনেতা চনু সুদক যোৱা ১৩ ছেপ্টেম্বৰত দিল্লীৰ আম আদমী পার্টী চৰকাৰে শিক্ষা আঁচনি ‘দেশ কা মেণ্টর্ছ’ৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰে৷ ইয়াৰ এদিন পিছতেই আয়কৰ বিভাগে অভিনেতা চনু সুদৰ বাসগৃহকে ধৰি ৬টা স্থানত তালাচী চলোৱাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে আম আদমী পার্টীয়ে৷ তাৎপর্যপূর্ণ যে চনু সুদৰ বাসগৃহত আয়কৰ বিভাগে তালাচী চলোৱাৰ পূর্বে আম আদমী পার্টীক ই ডিয়ে চমন জাৰি কৰিছিল৷ এই ঘটনাৰ কেইঘণ্টামান পিছত  অভিনেতা সুদৰ বাসগৃহ আৰু তেওঁৰ সম্পর্কিত ৬ স্থানত আয়কৰ বিভাগে তালাচী চলোৱাটো ৰাজনৈতিক প্রতিশোধ বুলি মন্তব্য কৰিছে আম আদমী পার্টী চৰকাৰে৷

You might also like