তালিবানক স্বীকৃতি নিদিলে ভয়াৱহ হ’ব পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ আফগানিস্তান দখল কৰা সন্ত্রাসবাদী সংগঠন তালিবানক পূর্ণ সমর্থন আগবঢ়োৱা পাকিস্তানে তালিবান চৰকাৰক বৈধতা প্রদানৰ পক্ষত সকলো চেষ্টা অব্যাহত ৰাখিছে৷ তালিবানৰ অন্তর্ৱর্তীকালীন আফগানিস্তান চৰকাৰত প্রত্যক্ষভাৱে জড়িত থকা পাক প্রধানমন্ত্রী ইমৰান খানে ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত তালিবানক আমেৰিকাই শীঘ্রে স্বীকৃতি প্রদান কৰাৰ আহ্বান জনাইছে৷ পাক প্রধানমন্ত্রী খানে কয় যে যদি আমেৰিকা যুক্তৰাষ্ট্রই তালিবানৰ সৈতে আলোচনা কৰি সঠিক পদক্ষেপ গ্রহণ নকৰে কিম্বা তালিবানক স্বীকৃতি নিদিয়ে, তেতিয়া হ’লে আফগানিস্তানৰ লগতে অঞ্চলটোৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিব৷ এই অঞ্চলটোৰ বাবে অতি গুৰুত্বপূর্ণ বিষয় হৈ উঠিছে আফগানিস্তান৷
কিয়নো আফগানিস্তানৰ লগতে সমগ্র অঞ্চলটোৰ পৰিস্থিতি সুস্থিৰ কৰি বর্তাই ৰাখিবলৈ হ’লে আমেৰিকা যুক্তৰাষ্ট্রই তালিবানৰ সৈতে ইতিবাচক দৃষ্টিভংগীৰে বার্তালাপ কৰিব লাগিব৷ মন কৰিবলগীয়া যে আফগান নাগৰিকে বাহিৰা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ সাহস গোটাইছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে খানে৷