টাই আহোম জনগোষ্ঠীৰ কেন্দ্ৰীয় ৰিক-খন-মুং-খন অনুষ্ঠান সম্পন্নঃতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপত অনুষ্ঠিত
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰ:- টাই আহোম জনগোষ্ঠীৰ অন্যান্য ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান সমূহৰ ভিতৰত অন্যতম ধৰ্মীয় অনুষ্ঠান হৈছে ৰিক-খন-মুং-খন। এই ৰিক-খন-মুং-খন পূজা ভাগি আহোম জনগোষ্ঠীৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা বিশেষকৈ ৰাজ্য খনত যি সময়ত যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, অতিমাৰি, মহামাৰি ইত্যাদিয়ে দেখা দিয়ে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা এক ধৰ্মীয় পূজা। এই পূজা ভাগিত পৰম্পৰাগত ভাৱে কুকুৰা, গাহৰি, চাউল, হাঁহ কণী আৰু জাকৈ বাই পোৱা মাছ পুঠি নৈবেদ্য হিচাপে আগবঢ়োৱা হয়।
এই ৰিক-খন-মুং-খন পূজাভাগিৰ আৰম্ভণিতে মুখ্য মলুং’ৰ দ্বাৰা এটা কুকুৰা যাদু মন্ত্ৰৰ জৰিয়তে বশ কৰি সেই কুকুৰাৰ ঠেঙেৰে মঙ্গল চোৱা হয়। এই ধৰ্মীয় অনুষ্ঠান ভাগি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমৰ টিৰাপত দিনজোৰা কাৰ্য্যসূচীৰে মঙ্গলবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয়। টিৰাপৰ লংটং স্থিত টিৰাপ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্য্যালয় প্ৰাংগণত টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অতি সুন্দৰ ভাৱে উক্ত অনুষ্ঠান ভাগি সম্পন্ন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে টাই জনগোষ্টীয় পতাকা উত্তোলন কৰে টাইপা,কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈয়ে, পতাকা উত্তোলনৰ পাছতেই পৰিবেশন কৰা হয় আই-চিং-লাও। অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি/সম্পাদক ক্ৰমে সুশীল গগৈ আৰু তিলেশ্বৰ গায়নে। চাওলুং চ্যুকাফা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দেৱজিৎ বৰুৱা আৰু মাৰ্ঘেৰিটা টাই আহোম বিকাশ কেন্দ্ৰৰ, সভাপতি মনোজ ফুকনে। বৃক্ষ ৰোপণ কৰে টিৰাপ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গগণ গগৈয়ে। মৈদাম তৰ্পণ কৰে লং টং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ্বৰ কোঁৱৰে।ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ শেষত শিৱসাগৰ বকতা পাৰিজাতৰ মুখ্য ম’লুং তিলেশ্বৰ মহুং ৰ দ্বাৰা ৰিক-খন-মুং-খন(চাইফা) পূজা অনুষ্ঠিত কৰা হয়।