নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও শোধনাগাৰত ১০ সংখ্যক বিশ্ব গঁড় দিৱস পালন

নিয়মীয়া বাৰ্তা,২২ ছেপ্টেম্বৰ: বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই আজি দিনযোৰা কাৰ্যসূচীৰে ১০ বিশ্ব গঁড় দিৱস পালন কৰে। ভাৰতীয় তেল নিগমে মেচকট হিচাপে গ্ৰহণ কৰা  এশিঙীয়া গঁড়ৰ সংৰক্ষণ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আজি পুৱা ৭ বজাত বিজিআৰ উপনগৰীত উলিওৱা ‘ৱাকাথন’ অনুষ্ঠানৰ ফ্লেগ অফ কৰে মুখ্য অতিথি তথা চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰি আৰু শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক (টি এছ, এইচ এছ এণ্ড ই) এছ বি লহকৰে। ‘ৱাকাথন’ ফ্লেগঅফৰ পূৰ্বে উপ মহাপ্ৰবন্ধক (চি চি এণ্ড চি এছ আৰ) সীতা বৰুৱাই আঁত ধৰা সজাগতা সভাত মুখ্য অতিথি তথা চিৰাং জিলা বন প্ৰাধিকাৰী পাতিৰি আৰু মুখ্য মহা প্ৰৱন্ধক লহকৰে  বিশ্ব বিখ্যাত তথা অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সজাগতা বৃদ্ধিৰ ওপৰত বক্তব্য দাঙি ধৰে।

শোধনাগাৰৰ বিষয়া, কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী, কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী,উপনগৰী সুৰক্ষা কৰ্মী ,শিশু,কিশোৰ-কিশোৰী আৰু মহিলা সকলে ‘ৱাকাথন’ত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলে শোধনাগাৰ বিনোদন কেন্দ্ৰৰ পৰা খোজকাঢ়ি উপনগৰী পৰিভ্ৰমণ কৰাৰ অন্তত  শোধনাগাৰ ক্ৰীড়া প্ৰকল্প চৌহদত উপস্থিত হয়। ক্ৰীড়া প্ৰকল্প চৌহদত শিশু সকলৰ লগতে মুখ্য অতিথি আৰু শোধনাগাৰৰ উচ্চ পদস্থ বিষয়া সকলে আকাশলৈ বেলুনৰ থোপা এৰি অসমৰ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ লগতে বিশ্বৰ সকলো প্ৰজাতিৰ গঁড়ৰ সুৰক্ষা কামনা কৰে। দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত তথা চিৰাং জিলা বন বিভাগৰ সহযোগত স্থানীয় যুৱ খেলুৱৈৰে গঠিত দুটা দলৰ মাজত বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰীত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰে। খেল খন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক এছ বি লহকৰ আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে।

You might also like