বেইজিঙৰ অভিনৱ পদক্ষেপঃ গালৱানত নিহত চীনা সৈনিকক লৈ পাঠ্যক্রম
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ ভাৰত–চীন সীমান্তৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ উত্তেজনা তথা সংঘর্ষৰ সময়ত নিহত চীনা সৈনিকৰ বীৰত্ব এতিয়া দেশখনৰ শিক্ষানুষ্ঠানত দেশপ্রেমৰ পাঠ্যক্রমত অন্তর্ভুক্ত হৈছে৷
শেহতীয়াকৈ সীমান্তত থকা পিএলএৰ বেটেলিয়নৰ সৈতে চীনৰ পূব প্রান্তৰ আনহুই প্রদেশৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থীসকলৰ মাজত মত বিনিময় হৈছে ভিডি’যোগে৷ গালৱান উপত্যকাত প্রাণ হেৰুওৱা সৈনিকসকলৰ বীৰত্বক প্রশংসা কৰি চীনৰ বিদ্যালয়ত ইয়াক লৈ পাঠ দিব লাগে বুলি সেনা বিষয়াসকলে মন্তব্য কৰিছে৷
উল্লেখনীয় যে ২০২০ৰ জুন মাহত ভাৰত–চীনৰ সেনাৰ সংঘর্ষই অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ এই সংঘর্ষত ভাৰতৰ ২০জন সেনা বিষয়া তথা জোৱান শ্বহীদ হোৱাৰ উপৰি বেইজিং প্রশাসনে ঘোষণা কৰা অনুসৰি পি এল এলৰ ৫জন বিষয়া তথা জোৱান নিহত হৈছিল৷ শেহতীয়াকৈ ভাৰতৰ সৈতে জুৰি থকা সীমান্ত অঞ্চলত চীনৰ বীৰ যোদ্ধাসকলক লৈ দেশখনৰ সামৰিক পর্টেলত এক নিবন্ধ প্রকাশ পাইছে৷ এই নিবন্ধত শিক্ষার্থী আৰু সৈনিকসকলৰ মত বিনিময়ৰ সবিশেষ প্রকাশ কৰা হৈছে৷ বিদ্যালয়ৰ শ্রেণীসমূহত সীমান্ত চীনা সেনাৰ বীৰত্বক লৈ বিভিন্ন পাঠ্যক্রম সন্নিৱিষ্ট কৰাৰ কথাও উল্লেখ কৰা হৈছে৷
লক্ষণীয়ভাৱে চীনা সৈনিকৰ মৃত্যুৱে শিক্ষার্র্থীসকলক কেনেদৰে প্রভাৱিত কৰিছে সেই সন্দর্ভত বিভিন্ন তথ্য সদৰী কৰা হৈছে৷ গালৱান উপত্যকাত সংঘর্ষত প্রাণ হেৰুওৱা চীনা সৈনিকে দেশখনৰ বিদ্যালয়ৰ শিশুসকলৰ মাজত জগাই তুলিছে দেশপ্রেমৰ প্রেৰণা৷ এই প্রেৰণাই চীনৰ শিশুসকলক ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱাৰ সুযোগ দিব বুলিও সামৰিক পর্টেলটোত উল্লেখ কৰা হৈছে৷