ৰাজ্যত শীঘ্রে ২–৩ হাজাৰ বিদ্যালয়ৰ হ’ব একত্রীকৰণ
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ ৰাষ্ট্রীয় শিক্ষা নীতি সম্পূর্ণৰূপে কার্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে শীঘ্রে ৰাজ্যত আৰম্ভ হ’ব বিদ্যালয় একত্রীকৰণ প্রক্রিয়া৷ বুধবাৰে এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ গুৱাহাটীৰ লোকনির্মাণ বিভাগৰ প্রশিক্ষণ কেন্দ্রৰ প্রেক্ষাগৃহত ৰাষ্ট্রীয় আৰু ৰাজ্যিক বঁটাপ্রাপক শিক্ষকসকলৰ সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বিদ্যালয় একত্রীকৰণৰ বাবে প্রস্তাৱ জিলা পর্যায়ৰ পৰা গ্রহণ কৰা হৈছে৷ এই প্রস্তাৱসমূহ পৰীক্ষাৰ পাছত বিদ্যালয়সমূহ একত্রীকৰণৰ নির্দেশনা প্রদান কৰা হ’ব৷
এই প্রক্রিয়াৰ ফলত কিমান বিদ্যালয়ৰ বিলুপ্তিকৰণ হ’ব বুলি সোধা প্রশ্ণৰ উত্তৰত ডাঃ পেগুৱে কয়– ‘মুখ্যমন্ত্রীক অধ্যক্ষ হিচাপে লৈ উচ্চপদস্থ বিষয়া–শিক্ষাবিদসক লৈ এখন আয়োগ গঠন কৰা হৈছে৷ ইতিমধ্যে বিদ্যালয় একত্রীকৰণৰ প্রস্তাৱসমূহ আহি আছে৷ এটা সপ্তাহৰ ভিতৰত এই প্রস্তাৱৰ প্রক্রিয়া শেষ হ’ব৷ আয়োগে বিভিন্ন দিশ বিবেচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ এই প্রক্রিয়াৰ ফলত ৰাজ্যত ২–৩ হাজাৰখন বিদ্যালয় কমি যাব৷’
ইপিনে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰা শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যৰ হাইস্কুলসমূহক শীঘ্রে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব৷ তদুপৰি বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকসকলক প্রশিক্ষণ প্রদান কৰা হ’ব৷ আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক শিক্ষমন্ত্রী ড০ ৰাজকুমাৰ ৰঞ্জন সিং৷
ভাষণ প্রদান কৰি ড০ সিঙে কয়– ‘সমস্যা সমাধানৰ দক্ষতা থকা তথা নিয়োগৰ বাবে উপযুক্ত শিক্ষার্থী সৃষ্টিয়েই হৈছে ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ৰ লক্ষ্য৷ ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ ক্ষেত্রত অসমে উল্লেখযোগ্য প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলি মই আশা ৰাখিছোঁ৷’ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রাথমিক পর্যায়ত মাতৃভাষাত শিক্ষা প্রদনৰ প্রয়োজনীয়তাৰ কথাও দোহাৰে৷ উল্লেখ্য যে ৰাষ্ট্রীয় শিক্ষক বঁটাপ্রাপক যোৰহাটৰ কংকণ কিশোৰ দত্ত আৰু বাক্সাৰ বিনন্দ স্বর্গীয়াৰীৰ লগতে ৩৫গৰাকী ৰাজ্যিক বঁটাপ্রাপক শিক্ষকক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, প্রধান সচিব বি কল্যাণ চক্রৱর্তী, বিশেষ আয়ুক্ত প্রীতম শইকীয়াও উপস্থিত থাকে৷