নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ মাৰণ ক্ষমতা হেৰুৱাইছে ক’ৰোনা ভাইৰাছে

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছে ক্রমাৎ মাৰণ ক্ষমতা হেৰুৱাইছে৷ জিনগত প্রক্রিয়াৰ বাবেই ক’ভিড–১৯ মহামাৰী দুর্বল হৈ আহিছে৷ –এই দাবী কৰিছে ক’ভিড ভেকচিন প্রস্তুতকর্তা সংস্থা অ’ক্সফ’ড–আষ্ট্রাজেনেকাৰ গৱেষক ডেম ছাৰা গিলবার্টে৷ গৱেষকগৰাকীৰ মতে ক’ৰোনা ভাইৰাছৰ নতুন প্রজাতিবোৰৰ প্রাণঘাতী হৈ উঠাৰ ক্ষমতা যথেষ্ট কম৷ অনাগত দিনত ক’ৰোনা ভাইৰাছ দুর্বল হোৱাৰ এই প্রৱণতা অব্যাহত থাকিব বুলি দাবী কৰিছে গৱেষকগৰাকীয়ে৷

ব্রিটেইনৰ এখন সংবাদ পত্রৰ সৈতে হোৱা সাক্ষাৎকাৰত অ’ক্সফ’ড–আষ্ট্রাজেনেকাৰ গৱেষণাগাৰ ‘জেনাৰ ইনষ্টিটিউট’ৰ মুৰব্বী ডেম ছাৰা গিলবার্টে উল্লেখ কৰিছে যে শেষপর্যন্ত ক’ৰোনা ভাইৰাছ সাধাৰণ জ্বৰ (ফ্লু)ৰ ভাইৰাছৰ স্তৰলৈ নামি আহিব৷ কালি ৰয়েল ছ’চাইটী অৱ মেডিচিনৰ আলোচনা সভাত ডেমে উল্লেখ কৰিছে যে জিনৰ পৰিৱর্তনশীল প্রক্রিয়াৰ বাবে ভৱিষ্যতে অধিক প্রাণঘাতী ক’ৰোনা ভাইৰাছ সৃষ্টিৰ সম্ভাৱনা প্রায় নোহোৱা হৈ পৰিব৷

You might also like