নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালালৰ সহযোগত নিতৌ নতুন নতুন ঘৰ নির্মাণ সন্দেহযুক্ত নাগৰিকৰ

ধলপুৰত উচ্ছেদিত হৈ হেতৌ চৰত আগ্রাসন বেদখলকাৰীৰ

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ দৰং জিলাৰ ধলপুৰত অবৈধ ভূমি দখলদাৰীক উচ্ছেদ কৰাৰ সময়তে ব্রহ্মপুত্রৰ চৰ–চাপৰিসমূহত নিতৌ নতুন নতুন ঘৰ নির্মাণ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ধলপুৰত জিলা প্রশাসনে কৰা উচ্ছেদৰ লগে লগে বহু অচিন লোকে ১নং হেতৌ চ’ৰত ঘৰ সাজি বসতি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ হেতৌৰ উপৰি মঙলদৈৰ বহু চৰত এনে বেদখল আৰম্ভ হৈছে৷ অকল ঘৰ সজাই নহয়, চৰৰ মাটি চহাই খেতি কৰাৰো প্রস্তুতি আৰম্ভ কৰিছে এই অবৈধ দখলকাৰীয়ে৷ হেতৌ চৰত বেদখলৰ এই দালালিত জডিত আছে কুচুম আলী, কাদেৰ আলী, কাজিমুদ্দিন, লাল মিঞা, জিল হক আৰু মিৰাজ আলী নামৰ দালালবোৰ৷ বহুকেইজন থলুৱা পমুৱা খেতিয়কৰ এটা দলে দুদিনকৈ হেতৌ চৰ পৰিভ্রমণ কৰি এই তথ্য পোহৰলৈ আনিছে৷

উল্লেখ্য যে ১৯৮৩ চন বা তাৰ আগতে উক্ত হেতৌ চৰখন আৰিমাৰী চৰ হিচাপে জনা গৈছিল৷ প্রায় দুই হাজাৰ বিঘা কৃষিভূমিৰ সেই সময়ত আৰিমাৰী চৰত থলুৱা অসমীয়া মানুহে সমবায় ভিত্তিত খেতি কৰিছিল৷ খেতিৰ লগতে সেই কৃষকৰ গো–পালন আছিল উপার্জনৰ আন এটা প্রধান উৎস৷ গোৱাল সন্থা নামৰ এটা গো–পালক সন্থাক চৰকাৰে সেই সময়তেই কৃষিভূমি আবণ্টনো দিছিল৷ দৰঙৰ হাজৰিকাপাৰা, ৰঙামাটি, পুনিয়া, মণিটাৰী, বৰলাখাইটি নগাঁও, যোগী নগাঁও, ধনখুন্দা আদি বিভিন্ন গাঁৱৰ কৃষিজীৱী লোকে উক্ত আৰিমাৰী চৰত খেতি, গো–পালন আদি কৰি জীৱিকা নির্বাহ কৰিছিল৷ কালক্রমত গৰাখহনীয়াৰ ফলত আৰিমাৰী চৰখন নদীৰ বুকুত জাহ গ’ল আৰু খেতিয়ক ৰাইজ তাৰ পৰা গুচি আহিল৷

গৰাখহনীয়াত জাহ যোৱা হেতৌ আৰিমাৰী প্রাথমিক বিদ্যালয়খন কলাইগাঁৱৰ বৰবাগানত সংস্থাপিত কৰা হৈছিল৷ বর্তমানেও এই বিদ্যালয়খন বৰবাগানত আছে৷ সেই আৰিমাৰী চৰখনেই নদীৰ সিপাৰে দহ বছৰমান আগৰ পৰা ১নং হেতৌ চৰ ৰূপে পুনৰ ওলাই পৰিল৷ আৰু এতিয়া তাত নতুন নতুন অবৈধ মানুহৰ আগমন ঘটিব লোৱাটোত বিজেপিৰ যুৱ নেতা বসন্ত গোস্বামীয়ে বিৰোধিতা কৰি প্রশাসনক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে লগতে আৰিমাৰীৰ সেই থলুৱা পমুৱা কৃষকসকলক পুনৰ সংস্থাপনৰ আহ্বান জনাইছে৷ উল্লেখ্য যে হেতৌ চৰত নতুনকৈ থিতাপি ল’বলৈ ধৰা এই সন্দেহজনক লোকসকল ধলপুৰৰ পৰা উচ্ছেদিতৰ একাংশ বুলি সচেতন মহলৰ মাজত চর্চিত হৈছে৷
মায়ঙৰ ঔগুৰিত নিশাৰ ভিতৰতে
অবৈধভাৱে দখল কৰিলে খিলঞ্জীয়াৰ ভূমি
দৰঙৰ গৰুখুঁটিৰ পাছত এইবাৰ পোহৰলৈ আহিছে মায়ঙৰ বালিচাপৰিত একাংশ সন্দেহজনক নাগৰিকে অবৈধভাৱে মাটি দখল কৰাৰ ঘটনা৷ জাগীৰোড সমষ্টিৰ অন্তর্গত মায়ঙৰ ঔগুৰিৰ বালিচাপৰিত স্থানীয় ৰাইজে ঋতু অনুসৰি মাহ, মাকৈ, সৰিয়হ আদিৰ খেতি কৰি আহিছে৷ শেহতীয়াকৈ এই বালিচাপৰিটো একাংশ সন্দেহজনক নাগৰিকে নিশাৰ ভিতৰতে অবৈধভাৱে দখল কৰি ঘৰ পর্যন্ত নির্মাণ কৰিছে৷ স্থানীয় ৰাইজে অবৈধভাৱে দখল কৰা চাপৰিৰ মাটি মুকলি কৰিবলৈ আহ্বান জনাবলৈ যাওঁতে বেদখলকাৰীয়ে দা–যাঠী লৈ মায়ঙৰ স্থানীয় লোকসকলক আক্রমণ কৰিবলৈ আহে৷ তেনে পৰিপ্রেক্ষিতত নিজৰ মাটি হেৰুওৱাৰ আশংকাত ভুগিছে মায়ঙৰ স্থানীয় লোকসকল৷ সেই বাবে তেওঁলোকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ঔগুৰিৰ বালিচাপৰিৰ মাটি বেদখলমুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷

You might also like