ডিটিঅ’ অফিচত ভিৰঃ মুখ্যমন্ত্রীয়ে ৰিনিউ কৰিব পৰা নাই নিজৰ ড্রাইভিং লাইচেঞ্চে
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ডিটিঅ’ অফিচত হোৱা ভিৰ আৰু দীঘলীয়া শাৰীৰ বাবে আজিলৈকে নিজৰ ড্রাইভিং লাইচেঞ্চখনেই ৰিনিউ কৰিব পৰা নাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রী ড০ শর্মাই সোমবাৰে নিজেই এই কথা প্রকাশ কৰি কয় যে ড্রাইভিং লাইচেঞ্চখন ৰিনিউ কৰিব লাগিলে ডিটিঅ’ অফিচত যাব লাগে৷ ডিটিঅ’ অফিচত যথেষ্ট ভিৰ, দীঘলীয়া শাৰী পাতিব লাগে৷ সেই ভিৰত দীঘলীয়া শাৰী পাতিবলৈ তেওঁৰ সময় নাই বাবেই আজিলৈকে লাইচেঞ্চখন ৰিনিউ কৰিব পৰা নাই৷ তদুপৰি লাইচেঞ্চখনত তেওঁৰ ব্লাড গ্রুপো ভুলকৈ উল্লেখ আছে৷ তেওঁৰ ব্লাড গ্রুপ হ’ব লাগে অ’৷ কিন্তু হৈ আছে এ৷
সেয়ে আজিলৈকে তেওঁ ড্রাইভিং লাইচেঞ্চখন ৰিনিউ কৰিব পৰা নাই৷ এই প্রসংগতে তেওঁ কয় যে ব্যস্ত মানুহৰ ডিটিঅ’ অফিচত হোৱা ভিৰ আৰু দীঘলীয়া শাৰীৰ বাবেই বহু সময়ত ড্রাইভিং লাইচেঞ্চ ৰিনিউ কৰাৰ ক্ষেত্রত অনীহা থাকে৷ সেইদৰে ক্ষমতাত থকা মানুহে তেওঁলোকক কোনেও নধৰে বুলি ভাবিয়েই ৰিনিউ কৰিব নাযায়৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ শর্মাই অনলাইনযোগে ড্রাইভিং লাইচেঞ্চ ৰিনিউ আৰু ডুপ্লিকেট ড্রাইভিং লাইচেঞ্চ প্রদানৰ ব্যৱস্থা আসন্ন দুর্গাপূজাৰ আগতে কৰাৰ ঘোষণা কৰে৷