নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ দেশৰ ৰাজনীতিত বিশেষকৈ উত্তৰ প্রদেশৰ মুঠ জনসংখ্যা ১৯ শতাংশ মুছলিম থাকিও ৰাজনীতিত বিশেষ প্রভাৱ পেলাব নোৱাৰাক লৈ ক্ষোভ প্রকাশ কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইচিয়ে৷ কানপুৰৰ এখন সভাত অ’ৱেইচিয়ে ক্ষোভ প্রকাশ কৰি কয় যে বিবাহৰ কার্যসূচীত বেণ্ড বাজা পার্টীৰ লেখিয়াই হৈছে মুছলিমসকলৰ পৰিস্থিতি৷ প্রথমতে মুছলিমসকলক সংগীত পৰিৱেশন কৰিবলৈ দিয়া হয় আৰু পাছলৈ বিবাহস্থলীত প্রৱেশ কৰাৰ পূর্বে বাহিৰত থিয় কৰাই থৈ দিয়া হয়৷ দেশৰ ৰাজনীতিতো মুছলিমসকলৰ একেই পৰিস্থিতি হৈছে৷
এতিয়া মুছলিমসকলে বাদ্যযন্ত্র বজাব নালাগিব৷ প্রতিটো জাতিৰেই এগৰাকী নেতা আছে৷ কিন্তু মুছলিমসকলৰ কোনো নেতা নাই৷ উত্তৰ প্রদেশত ১৯ শতাংশ মুছলিম লোক আছে, কিন্তু এজন একক নেতা নাই৷ কার্যতঃ মুছলিমক বেনপার্টীৰ লগত ৰিজোৱাতো তাৎপর্যপূর্ণ৷ উল্লেখ্য যে মুছলিমক আধাৰ কৰিয়েই ৰাজনীতি কৰি থকা অ’ৱেইচিয়ে মুছলিমক লৈ এনেধৰণৰ মন্তব্য কৰি অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত ইছলাম ধর্মাৱলম্বী লোকক আকর্ষণ কৰাৰ কৌশল ৰচনা কৰিছে৷