শ্বেৰমান আলী পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মালৈ
নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ অসম আন্দোলনৰ শ্বহীদসকলক ঘাতক আৰু নৰ হত্যাকাৰী আখ্যাৰে বিতর্কৰ সূত্রপাত ঘটোৱা কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক আদালতে মঙলবাৰে পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে গৰুখুঁটিৰ ঘটনাৰ আলম লৈ অতি শেহতীয়াকৈ কংগ্রেছৰ বিধায়ক শ্বেৰমান আলীয়ে ছিপাঝাৰত ১৯৮৩ চনত শ্বহীদ হোৱা আন্দোলনকাৰীসকল নৰ হত্যাকাৰী তথা ঘাতক আছিল বুলি মন্তব্য কৰিছিল৷ বিধায়কজনৰ এই বক্তব্যক লৈ চৌদিশে সৃষ্টি হয় তীব্ৰ প্রতিক্রিয়া৷ অসম আন্দোলনৰ শ্বহীদক ঘাতক বুলি বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যক লৈ দল–সংগঠনে গ্রেপ্তাৰৰ দাবী তোলাৰ পিছতে যোৱা দুই অক্টোবৰৰ সন্ধিয়া আৰক্ষীয়ে বিধায়কজনক দিছপুৰৰ চৰকাৰী বিধায়ক আৱাসৰ পৰা গ্রেপ্তাৰ কৰে৷ কালি শ্বেৰমান আলীক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছিল৷
সেইমর্মে মঙলবাৰে পুনৰ বিধায়কজনক আদালতত হাজিৰ কৰোৱাত আদালতে পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে শ্বেৰমান আলীৰ বক্তব্যৰ অধিক তদন্তৰ খাতিৰত ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দুদিনৰ জিম্মাৰ বাবেহে প্রেৰণ কৰে৷ ইফালে, আদালতত হাজিৰ কৰোৱাৰ পূর্বে শ্বেৰমান আলীক কাহিলিপাৰাস্থিত ফৰেনছিক লেবৰেটৰীত কণ্ঠৰ পৰীক্ষা কৰা হয়৷ শ্বহীদক ঘাতক তথা নৰ হত্যাকাৰী বুলি বিভিন্ন সংবাদ মাধ্যমৰ আগত মুকলিকৈ কোৱা বিধায়কজনৰ উক্ত বক্তব্যৰ সত্যাসত্য পৰীক্ষা কৰাৰ বাবে ফৰেনছিক বিজ্ঞানাগাৰত তেওঁৰ কণ্ঠ পৰীক্ষা কৰা হয়৷
আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি বিধায়ক শ্বেৰমান আলীয়ে কি উদ্দেশ্য আৰু লক্ষ্যৰে বিতর্কিত মন্তব্য কৰিছিল, তাক পৰীক্ষা কৰাৰ প্রয়োজন হ’ব৷ তদুপৰি শ্বেৰমান আলীয়ে আনুষ্ঠানিকভাৱে বক্তব্য প্রকাশ কৰাৰ পূর্বেই তেওঁ কোনো সংগঠন অথবা দলৰ সৈতে বিষয়টোক লৈ পৰিকল্পিত আলোচনা কৰিছিল নেকি অথবা তেওঁ এই বক্তব্যৰ জৰিয়তে এক বিশেষ সম্প্রদায়ক প্রৰোচিত কৰাৰ লক্ষ্য লৈছিল নেকি, সেয়াও অহা দুদিনত বিধায়কজনক জেৰা কৰি পৰীক্ষা কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যজুৰি শ্বেৰমান আলীৰ বক্তব্যই সৃষ্টি কৰা বিতর্কৰ পিছতে কালি কংগ্রেছে বিধায়কজনক দলৰ পৰা তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰিছিল৷