নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈ অস্থিৰ মানুহঃ এআইইউডিএফৰ বিধায়ক ড০ ৰফিকুল ইছলাম

 

 দেশৰ নির্বাচন আয়োগে ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ বাবে উপ–নির্বাচনৰ দিন ঘোষণা কৰিছে৷ এই উপ–নির্বাচনত এ আই ইউ ডি এফ দলে প্রতিদ্বন্দ্বিতা কৰিবনে? যদি কৰে, কোনকেইটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব?
উপ–নির্বাচনত আমি প্রতিদ্বন্দ্বিতা কৰিম৷ কোনকেইটা সমষ্টিত আমি নির্বাচন খেলিম, সেই সম্পর্কত দুই–চাৰি দিনৰ ভিতৰত দলৰ ক’ৰ কমিটীৰ বৈঠকত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ তথাপি কওঁ– ভৱানীপুৰত আমি নির্বাচন খেলাটো খাটাং৷ একেৰাহে তিনিবাৰকৈ ভৱানীপুৰত আমাৰ দল বিজয়ী হৈছে৷ গোসাঁইগাঁৱতো আমি প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ চিন্তাচর্চা চলি আছে৷ সেই সমষ্টিটোতো আমি এতিয়ালৈ তিনিবাৰ নির্বাচন খেলিছোঁ৷ ২০০৬, ২০১১ আৰু ২০১৬ চনৰ প্রতিটো নির্বাচনতে সমষ্টিটোত আমাৰ লগত বি পি এফৰ প্রতিদ্বন্দ্বিতা হৈছে আৰু ২,৫০০–৩,০০০ ভোটৰ ব্যৱধানতহে আমি পৰাজিত হৈছোঁ৷ সমষ্টিটোত আমাৰ দলৰ শক্তিশালী ভেটি আছে৷
যোৱা বিধানসভা নির্বাচনত আপোনালোকে কংগ্রেছৰে মিত্রতা কৰি মহাজোঁটৰ অংশীদাৰ হিচাপে নির্বাচনত অৱতীর্ণ হৈছিল৷ শেহতীয়াভাৱে কংগ্রেছে আপোনালোকৰ সৈতে মিত্রতা ছেদ কৰিছে৷ মিত্রতা ছেদৰ আঁৰৰ কাহিনী কি বুলি ভাবে?
এই বিষয়ে কংগ্রেছে ভালদৰে ক’ব পাৰিব, যিহেতু কংগ্রেছেহে মিত্রতা ছেদ কৰিছে৷ যোৱা বিধানসভা নির্বাচনৰ আগে আগে অসমৰ জনগণৰ প্রবল দাবী আছিল গণতান্ত্রিক আৰু ধর্মনিৰপেক্ষ ৰাজনৈতিক দলসমূহে এখন প্লেটফর্মত অৱতীর্ণ হৈ নির্বাচন খেলিব লাগে৷ সাম্প্রদায়িক এজেণ্ডা লৈ ৰাজনীতি কৰা বিজেপিক প্রতিহত কৰাৰ বাবেই সেই সময়ত অসমৰ জনসাধাৰণৰ মতামতক শ্রদ্ধা জনাই কংগ্রেছ, এ আই ইউ ডি এফ, বি পি এফ, চি পি আই, চি পি এম, চি পি আই (এম এল), আঞ্চলিক গণ মর্চা, আৰ জে ডি মিলি মহাজোঁট গঠন কৰা হয়৷ নির্বাচনী ফলাফল অনুসৰি মহাজোঁটে চৰকাৰ কৰিব নোৱাৰিলেও জোঁটবন্ধন ব্যর্থ হোৱা নাই৷ মহাজোঁটে ৫০খন আসন লাভ কৰিছে৷ এই ৫০জন বিধায়কে একত্রিতভাৱে যুঁজিলে চৰকাৰক জনগণৰ স্বার্থত সঠিকভাৱে কাম কৰিবলৈ বাধ্য কৰাব পাৰিব৷ ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ অহাৰ পিছত বিৰোধী দলসমূহে একত্রিতভাৱে যুঁজাৰ প্রয়োজন আছিল৷ তিনি মাহতে কংগ্রেছ ধৈর্যচ্যুত হোৱাৰ প্রয়োজন নাছিল৷ ২০২৪ চনৰ লোকসভা নির্বাচন আৰু পৰৱর্তী বিধানসভা নির্বাচনলৈ ৰ’ব লাগিছিল৷ কংগ্রেছে ৫০ জনীয়া শক্তি কিয় বিভক্ত কৰিলে, সেয়া তেওঁলোকৰ বিষয়৷ কিন্তু এতিয়াও বিৰোধী ঐক্যবদ্ধ হৈ যুঁজাৰ প্রাসংগিকতা আছে বুলি আমি ভাবোঁ৷
বহুতেই কয়– এ আই ইউ ডি এফ দলে ধর্মীয় সংখ্যালঘু ৰাইজৰ মাজত পূর্বৰ জনপ্রিয়তা বা খোপনি হেৰুৱাইছে৷ বিগত লোকসভা নির্বাচনত বৰপেটা সমষ্টিৰ ফলাফল, যোৱা বিধানসভা নির্বাচনতো বৰপেটা জিলাৰ ফলাফলে তাৰেই ইংগিত দিয়ে৷ এ আই ইউ ডি এফ দলে পূর্বৰ জনপ্রিয়তা হেৰুওৱাৰ বাবেই কংগ্রেছে মিত্রতা ছেদ কৰিছে বুলি ভাবে নেকি?
এ আই ইউ ডি এফৰ জনপ্রিয়তা আৰু শক্তি কোনোগুণে হ্রাস হোৱা নাই৷ ২০০৬ চনত আমাৰ দলটোৰ বিধায়কৰ সংখ্যা আছিল ১০জন৷ ২০১১ চনত ১৮জনলৈ বৃদ্ধি পায়৷ ২০১৬ চনত প্রথমতে ১৩জন আৰু উপ–নির্বাচনযোগে এটা সমষ্টি অহাত ১৪জনলৈ বৃদ্ধি পায়৷ কোনোদিনে দলটোৰ ভোটৰ হাৰ কমা নাই৷ এইবাৰ বিধানসভা নির্বাচনত আমাৰ দলে ১৪টা সমষ্টিত অকলে আৰু ৫টা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈ মুঠ ১৯টা সমষ্টিৰ পৰা নির্বাচন খেলে৷ ১৯টা সমষ্টিৰ ভিতৰত আমাৰ প্রার্থী ১৬টা সমষ্টিত জয়ী হৈছে৷ দলগাঁও আৰু চেঙাত কংগ্রেছৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈ আমাৰ প্রার্থী জয়ী হৈছে৷ সেই অনুসৰি, আমাৰ দলৰ নির্বাচনী ফলাফল ৮০ শতাংশ ভাল হৈছে৷ যোৱা লোকসভা নির্বাচনত আমাৰ দলে বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জত নির্বাচন খেলিছে৷ কংগ্রেছৰ লগত হোৱা বুজাবুজি অনুসৰি আমি তেওঁলোকক নগাঁও, কলিয়াবৰ এৰি দিওঁ আৰু তেওঁলোকে আমাক বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জ এৰি দিয়ে৷ সেই অনুসৰি আমি নগাঁও, কলিয়াবৰত প্রার্থী নিদিলোঁ৷ তাৰ ফলত সমষ্টি দুটাত কংগ্রেছ সাংঘাতিক ধৰণে উপকৃত হ’ল, নির্বাচনত জয়লাভ কৰিলে৷ কিন্তু বৰপেটা, ধুবুৰী, কৰিমগঞ্জৰ ক্ষেত্রত কংগ্রেছে শেষ মুহূর্তত বুজাবুজি নকৰিলে৷ কংগ্রেছে কথা ৰাখিলে আমি হয়তো তিনিওখনতে জিকিলোঁহেঁতেন৷ আৰু এটা কথা কওঁ– এইবাৰ বিধানসভা নির্বাচনত সকলো দলতকৈ এ আই ইউ ডি এফে আটাইতকৈ সফলতা লাভ কৰিছে৷ আমি ১৯টা সমষ্টিত নির্বাচন খেলি ১৬টাত জিকিছোঁ, কংগ্রেছে ৯৩টা সমষ্টিত নির্বাচন খেলি ২৯টাত জিকিছে৷ আমি ৩০খন আসনত নির্বাচন খেলাহেঁতেন হয়তো ২৫খন আসনেই লাভ কৰিলোঁহেঁতেন৷
উজনি অসমত কংগ্রেছৰ নির্বাচনী বিপর্যয় সম্পর্কত বহু কংগ্রেছ নেতাই এ আই ইউ ডি এফৰে কৰা মিত্রতাক জগৰীয়া কৰিছে৷ এই সম্পর্কত আপুনি কি কয়?
এ আই ইউ ডি এফৰে কৰা মিত্রতাৰ বাবে উজনি অসমত কংগ্রেছে আসন কম পালে, মূলসুঁতিৰ অসমীয়াই কংগ্রেছক ভোট নিদিয়ে সেই কথাৰ সৈতে মই একমত নহয়৷ উজনি অসমৰ নির্বাচনী ফলাফল চালে দেখা যায়– ১০–১২খন আসনত কংগ্রেছ দল ২,০০০, ৭,০০০, ১০,০০০ ভোটৰ ব্যৱধানত হাৰিছে৷ কংগ্রেছৰ বহু প্রার্থীয়ে ৫০,০০০ৰ পৰা ৬০,০০০ পর্যন্ত ভোট পাইছে৷ নিশ্চিতভাৱে ইমান বৃহৎসংখ্যক ভোট মূলসুঁতিৰ অসমীয়াৰ মাজৰ পৰাই আহিছে৷ আচলতে, উজনি অসমত কংগ্রেছ দলক চাহ জনগোষ্ঠী আৰু বাঙালী হিন্দুৱে ভোট দিয়া নাই৷ মৰিয়নি সমষ্টিৰ বাহিৰে আনবোৰ সমষ্টিত কংগ্রেছে চাহ জনগোষ্ঠী আৰু বাঙালী হিন্দুৰ ভোট নাপালে৷ আহোম, ব্রাহ্মণসকলৰ সচেতন অংশৰ ভোট অৱশ্যে কংগ্রেছে পাইছে৷ চাহ জনগোষ্ঠী আৰু বাঙালী হিন্দুৰ ২০ শতাংশ ভোট পালেও উজনি অসমত কংগ্রেছৰ ফলাফল ভাল হ’লহেঁতেন৷ তদুপৰি অখিল গগৈৰ ৰাইজৰ দল, লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদেও বিজেপিবিৰোধী ‘কা’ আন্দোলনৰ সমর্থকৰ এটা অংশৰ ভোট কাটিলে৷ অজাপ আৰু ৰাইজৰ দল মহাজোঁটত থকাহেঁতেন সেই ভোট বিভাজন নহ’লহেঁতেন৷
এসময়ত অখিল গগৈৰ সৈতে আপোনালোকৰ দলৰ যথেষ্ট সু–সম্পর্ক আছিল৷ ৰাইজৰ দল গঠনৰ ক্ষেত্রতো আপোনালোকৰ ভূমিকা থকা বুলি শুনা যায়৷ কিন্তু সেইজন অখিল গগৈয়ে পৰৱর্তী পর্যায়ত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ বিৰোধিতা কৰে৷ আনকি কংগ্রেছে আপোনালোকৰ সৈতে মিত্রতা ছেদৰ ক্ষেত্রত অখিল গগৈয়ে কৰি অহা মন্তব্যয়ো যথেষ্ট ক্রিয়া কৰা বুলি বহুতে ক’ব খোজে৷ আপুনি কি কয়?
এসময়ত অখিল গগৈয়ে যেতিয়া আন্দোলনকাৰী হিচাপে কাম কৰিছিল, আমি সহায় কৰাটো সত্য৷ তেওঁ উত্থাপন কৰা বিভিন্ন বিষয় আমি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছোঁ৷ আন্দোলনৰ কার্যসূচী গ্রহণৰ সময়ত বিত্তীয় দিশৰ পৰাও তেওঁক সহায় কৰা হৈছে৷ আমাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলেও তেওঁক সহায় কৰিছে৷ কিন্তু আমি দেখিছোঁ– অখিল গগৈ অস্থিৰ মানুহ৷ আন্দোলন কৰা অৱস্থাতো তেওঁ সুস্থিৰ নাছিল৷ এটা বিষয়ক লৈ আন্দোলন কৰি থকাৰ মাজতে বিষয়টো এৰি আন বেলেগ এটা বিষয়ক লৈ আন্দোলনত জঁপিয়াই পৰিছিল৷ এতিয়া ৰাজনীতিত তেওঁৰ অস্থিৰতা আমি ওচৰৰ পৰা দেখিছোঁ৷ মানুহজন মুঠেই সুস্থিৰ নহয়, অস্থিৰ মানুহ৷ তেওঁ এইমাত্র বিজেপিৰ বিৰুদ্ধে কয়, তাৰ পিছতে সদনত বিজেপিৰ মন্ত্রীৰ কাষত বহে, মুখ্যমন্ত্রীৰ লগত কাণে কাণে কথা পাতে৷ প্রকৃততে অখিল গগৈয়ে কাৰ বাবে কাম কৰি আছে, সন্দেহ হয়৷ তদুপৰি আপুনি কোৱাৰ দৰে অখিল গগৈৰ কথাৰ বাবেই কংগ্রেছে আমাৰ সৈতে মিত্রতা ছেদ কৰিছে নেকি, সেই কথা কংগ্রেছেহে ক’ব পাৰিব৷ মহাজোঁট গঠনৰ পূর্বে অংশীদাৰ দলৰ মুৰব্বীৰ লগত বহু আলোচনা হৈছিল আৰু তাৰ পিছতহে মহাজোঁট গঠন হৈছিল৷ কিন্তু মহাজোঁট ভংগৰ ক্ষেত্রত কংগ্রেছে এককভাৱে সিদ্ধান্ত ল’লে৷ অংশীদাৰ দলসমূহৰ সৈতে কোনো আলোচনা নকৰিলে৷

অখিল গগৈৰ বিৰুদ্ধে আপোনালোকে ইতিমধ্যে এক গুৰুতৰ অভিযোগ কৰি কৈছে যে ৰাইজৰ দল গঠন কৰি তেওঁ দল চলাবৰ বাবে আপোনালোকৰ পৰা ১০ কোটি টকা বিচাৰিছিল৷ এই বিষয়ে অলপ বহলাই ক’ব নেকি?
অখিল গগৈ জে’লত থকা সময়তে আমাৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামো জে’লত আছিল৷ সেই সময়ত অসমত বিৰোধীৰ জোঁটবন্ধন সম্পর্কত আলোচনা চলিছিল৷ অখিল গগৈ আৰু আমিনুল ইছলামেও জে’লত থাকিয়েই জোঁটবন্ধন সম্পর্কত আলোচনা কৰিছিল৷ সেই আলোচনাৰ মাজতে অখিল গগৈয়ে ৰাইজৰ দল চলাবলৈ তেওঁক সহায়ৰ বাবে ১০ কোটি টকা বিচাৰিছিল আৰু সেই বিষয়ে দলৰ সভাপতি বদৰুদ্দিন আজমলৰ স’তে যোগাযোগ কৰিবলৈ কৈছিল৷ জে’লৰ পৰা মুকলি হৈ বিধায়ক ইছলামে সেই কথা দলীয় মঞ্চত প্রকাশ কৰে৷ পৰৱর্তী পর্যায়ত ধিঙৰ বিধায়ক ইছলামৰ লগতে এ আই ইউ ডি এফৰ দুই সাধাৰণ সম্পাদক আমিনুল ইছলাম (মানকাচৰ) আৰু কৰিমুদ্দিন বৰভূঞাই অখিল গগৈক যেতিয়া সাক্ষাৎ কৰে, তেতিয়াও তেওঁ সেই প্রসংগ দোহাৰিছিল৷ সেই সময়ত এ আই ইউ ডি এফে অখিল গগৈক মহাজোঁটৰ অংশীদাৰ কৰাৰ প্রস্তাৱ লৈয়েই তেওঁক সাক্ষাৎ কৰিছিল৷

 কিছুদিন পূর্বে অখিল গগৈয়ে ধুবুৰীত বদৰুদ্দিন আজমলতকৈ সংখ্যালঘু ৰাইজৰ ওচৰত তেওঁ বেছি জনপ্রিয় বুলি মন্তব্য কৰিছে৷ অনাগত দিনত অখিল গগৈ ৰাজ্যখনৰ সংখ্যালঘুৰ নেতা হ’ব বুলি ভাবে নেকি?

এইবাৰ বিধানসভা নির্বাচনত অখিল গগৈয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বহু সমষ্টিত প্রার্থী দিছিল৷ কিন্তু তেওঁৰ দলে কিমান ভোট পালে? তেওঁৰ দলে ১০বাৰ নির্বাচন খেলি যিমান ভোট পাব, আমি এইবাৰেই পাইছোঁ৷ মই এইবাৰ নির্বাচনত ১.৫৬ লাখ ভোট পাইছোঁ৷ ৰাইজৰ দলৰ ৩০জন প্রার্থীয়ে মিলি ১.৫৬ লাখ ভোট পাইছেনে?
কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা ছেদৰ ফলত সংখ্যালঘু ৰাইজৰ ভোট বিভাজনে বিজেপিক উপকৃত কৰিব বুলি নাভাবেনে?
মিত্রতা ছেদৰ ফলত শক্তি সাময়িকভাৱে ব্যাহত হৈছে, সেয়া অস্বীকাৰ কৰিব নোৱাৰি৷ সেই শক্তি আহৰণ কৰিব লাগিব৷ বিজেপিক প্রতিহত কৰাৰ স্বার্থত আমাৰ ভেটি শক্তিশালী কৰাৰ বাবে যি প্রচেষ্টা ল’ব লাগে ল’ম৷
২০২২ চনৰ লোকসভা নির্বাচনৰ সময়ত যদি কংগ্রেছৰ পৰা পুনৰ মিত্রতাৰ প্রস্তাৱ আহে, আপোনালোকৰ স্থিতি কি হ’ব?
ৰাজনীতিত অসম্ভৱ বুলি একো নাথাকে৷ সদ্যহতে তেনে পৰিস্থিতি অহা নাই৷ কিন্তু কংগ্রেছে আমাক বাৰে বাৰে যিদৰে প্রতাৰণা কৰে, সেয়াও চিন্তা কৰিব লাগিব৷
যোৱা নির্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা বিজয়ী হৈ অহা আপোনালোকৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰা সম্পর্কত কি কয়?
এয়া দুর্ভাগ্যজনক৷ আমাৰ দলৰ ইতিহাসত নোহোৱা ঘটনা সংঘটিত হ’ল৷ বিগত দিনত কংগ্রেছৰ পৰা বহু বিধায়ক, সাংসদ বিজেপিলৈ গৈছে৷ কিন্তু যোৱা ১৫ বছৰীয়া কার্যকালত এ আই ইউ ডি এফৰ কোনো বিধায়ক বিজেপিলৈ যোৱা নাছিল৷ বিজেপিয়ে হয়তো লোভ–লালসা, ভয়–ভীতি দেখুৱাই তেওঁক নিছে৷ সুস্থ গণতন্ত্রৰ বাবে এয়া ভাল কাম নহয়৷

সাক্ষাৎগ্রহণঃ উৎপল চক্রৱর্তী

 

 

You might also like