নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ গ্রাম্য উন্নয়ন যোজনালৈ ৪০০ কোটি

২০২২ৰ কেলেণ্ডাৰত ৩৪টা চৰকাৰী বন্ধৰ দিন নির্ধাৰণ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ অসম মন্ত্রীসভাৰ আজি অনুষ্ঠিত কেবিনেট বৈঠকে মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ বাবে চলিত বর্ষত ৪০০ কোটি টকা আবণ্টনত অনুমোদন জনায়৷ কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সেই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে এই ধনেৰে ৰাজ্যখনৰ ২৬ হাজাৰ ৰাজহ গাঁৱৰ প্রত্যেকখনতে একোটা পুখুৰী নির্মাণৰ উপৰি ধান মজুত কৰাৰ বাবে গুদাম নির্মাণ, ধান বনা মিল স্থাপন, এহাজাৰখন মিনি ট্রাক বিতৰণ, ধান কটা মেচিন বিতৰণ আদি কাম ৰূপায়ণ কৰিব৷ সেইদৰে আজিৰ কেবিনেটে প্রধানমন্ত্রী পদপথ ব্যৱসায় আত্মনির্ভৰ নিধিৰ অধীনত ঋণৰ ক্ষেত্রত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

ৰাজ্যখনৰ ৫২ হাজাৰ পদপথৰ ব্যৱসায়ীক ১০ হাজাৰ টকাকৈ ঋণ প্রদান কৰিব৷ একেদৰে মাজুলী–যোৰহাট সংযোগী দলং নির্মাণৰ ক্ষেত্রত ৰাজ্যিক জি এছ টি ৰেহাইৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ দলংখন নির্মাণৰ সময়ত ৰাজ্যিক জি এছ টি ১৫ দিনৰ ভিতৰত ৰি–ইম্বার্চমেণ্টৰ জৰিয়তে চৰকাৰে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব৷ আনহাতে আজিৰ কেবিনেটতে ২০২২ চনৰ কেলেণ্ডাৰত অনুমোদন জনায়৷ অহা বর্ষটোত চৰকাৰী বন্ধৰ দিন ৩৪টা নির্ধাৰণ কৰা হৈছে৷ সেইদৰে ৩১টা সীমিত বন্ধৰ দিন আৰু দুটা অর্ধছুটীৰ দিনৰ লগতে এন আই এক্টৰ অধীনত ১৮টা অর্ধছুটীৰ দিন নির্ধাৰণ কৰিছে৷ এই সম্পর্কত মন্ত্রী মহন্তই কয় যে চলিত বছৰটোত ৩৫টা দিন চৰকাৰী বন্ধৰ দিন আছিল৷ ২০২২ বর্ষৰ বাবে কোনো বন্ধৰ দিন কর্তন কৰা হোৱা নাই৷ কোনোবা এটা বন্ধৰ দিন দেওবাৰ বা আন বন্ধৰ দিনৰ সৈতে মিলি যোৱাৰ বাবে নতুন বছৰটোত চৰকাৰী বন্ধৰ দিনৰ সংখ্যা ৩৪ হৈছে৷ সেইদৰে এতিয়াৰ পৰা সকলো

চৰকাৰী নথিত ইংৰাজী গ্রেগৰিয়ান কেলেণ্ডাৰৰ তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ কৰিবলৈ আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ সহযোগী ৰাজ্যিক ভাষা বাংলা আৰু বড়ো ভাষাৰ কেলেণ্ডাৰৰ তাৰিখ অসমীয়া কেলেণ্ডাৰৰ সৈতে একেই৷ সেয়ে বৰাক আৰু বি টি আৰ এলেকাত এই দুই সহযোগী ভাষাত তাৰিখ লিখিব পাৰিব৷

একেদৰে বুধবাৰৰ কেবিনেটে বৰাক উপত্যকাত বন বিভাগৰ বন্যপ্রাণী মণ্ডল নথকা হেতু উপত্যকাটোত বন বিভাগৰ বন্যপ্রাণী মণ্ডল এটা গঠনত অনুমোদন জনায়৷

ইপিনে এই  কেবিনেটে অসমত মহাকাশ বিজ্ঞানৰ বহুল প্রয়োগৰ বাবে আজিৰ কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্রায়োগিক কেন্দ্র গঠন কৰে৷ ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ পি এল এন ৰাজুক৷ তেওঁ অলপতে শ্বিলংস্থিত ভাৰত চৰকাৰৰ উত্তৰ–পূব মহাকাশ প্রয়োগিক কেন্দ্রৰ সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰিছিল৷ নৱগঠিত ৰাজ্যিক মহাকাশ প্রায়োগিক কেন্দ্রৰ সৈতে সদ্যহতে ৰাজ্য চৰকাৰৰ ২৪টা বিভাগে সমন্বিতভাৱে ৰাজ্যত মহাকাশ প্রযুক্তিৰ বহুল প্রয়োগত মনোনিৱেশ কৰিব৷ এই নতুন স্বতন্ত্র ৰাজ্যিক মহাকাশ প্রায়োগিক কেন্দ্র গঠনৰ লগে লগে অসম ৰাজ্যিক বিজ্ঞান–প্রযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ পূর্বৰ ৰাজ্যিক ৰিম’ট ছেনছিং প্রায়োগিক কেন্দ্র বিলুপ্ত কৰা হয়৷

You might also like