ৰসায়নৰ ন’বেল বঁটা জার্মানী–আমেৰিকাৰ দুই বিজ্ঞানীলৈ
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ অণু গঠনৰ জটিল কলাক নতুন গতি প্রদানৰ বাবে ২০২১ বর্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে দুই বিজ্ঞানীলৈ৷ অণু গঠনৰ কাৰণে দক্ষ নতুন সঁজুলি ‘অর্গেনোকটেলাইছিছ’ বিকাশৰ বাবে জার্মানীৰ বেঞ্জামিন লিষ্ট আৰু গ্রেট ব্রিটেইনত জন্মগ্রহণ কৰি আমেৰিকাত থকা বিজ্ঞানী ডেভিদ মেকমিলানলৈ ২০২১ বর্ষৰ ন’বেল বঁটা আগবঢ়োৱা বুলি আজি এক বিবৃতিযোগে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে ঘোষণা কৰিছে৷ নতুন ঔষধ আৰু ফার্মাচিউটিকেল গৱেষণাত সহায়ক হোৱা অণু গঠনৰ এই নতুন সঁজুলি উদ্ভাৱনৰ বাবে জার্মানীৰ বিজ্ঞানী লিষ্ট আৰু আমেৰিকাৰ বিজ্ঞানী মেকমিলানক যুটীয়াভাৱে ৰসায়নৰ ন’বেল আগবঢ়োৱা হৈছে৷
ন’বেল বঁটাৰ ধন ১০ ছুইডিছ ক্র’নৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ৮.৫ কোটি টকা) দুয়ো বিজ্ঞানীক সমানে ভগাই দিয়া হ’ব৷ তৃতীয় প্রকাৰৰ কেটেলাইছিছ, যাক এচিমেট্রিক অর্গেনোকটেলাইছিছ হিচাপে বিকশিত কৰা বিজ্ঞানী দুগৰাকীৰ এই উদ্ভাৱনে ক্ষুদ্র জৈৱ অণু গঠন কৰিব পাৰে৷ জার্মানীৰ ফেংকফুটত ১৯৬৮ চনত জন্মগ্রহণ কৰা বেঞ্জামিন লিষ্টে জার্মানীৰ গেটে বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৭ চনত পি এইচ ডি লাভ কৰে৷
বর্তমান জার্মানীৰ মেক্সপ্লেংক ইনষ্টিটিউটৰ অধ্যাপক লিষ্ট৷ আনপিনে আনগৰাকী ৰসায়ন বিজ্ঞানৰ ন’বেলপ্রাপক ডেভিদ ডব্লিউচি মেকমিলান ১৯৬৮ চনত গ্রেট ব্রিটেইনৰ বেলছিলত জন্মগ্রহণ কৰে৷ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৬ চনত পি এইচ ডি লাভ কৰা ডেভিদ মেকমিলান বর্তমান আমেৰিকা যুক্তৰাষ্ট্রৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ লক্ষণীয় যে ফার্মাচিউটিকেল গৱেষণাত বৃহৎ প্রভাৱ পেলোৱাৰ লগতে ৰসায়নক সেউজ কৰি তুলিব বিজ্ঞানী দুগৰাকীৰ উদ্ভাৱনে৷