নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ তদন্তত সহযোগ কৰা নাই ৰৌণক আলী হাজৰিকাই

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আয়তকৈ অধিক সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ হোৱা নিলম্বিত আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক ১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰা হৈছে৷ কালি মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহৰ পৰা গ্রেপ্তাৰ হোৱা আৰক্ষী বিষয়াজনক আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে বিশেষ ন্যায়িক আদালতত হাজিৰ কৰায়৷ আদালতে অভিযুক্ত বিষয়াজনক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে অসম আৰক্ষীৰ অধীক্ষক হিচাপে ৰাজ্যৰ কেইবাখনো জিলাত কার্যনির্বাহ কৰা ৰৌণক আলী হাজৰিকাই উপ–মহাপৰিদর্শক হিচাপে পদোন্নতি লাভৰ পূর্বে কেইবাজনো জ্যেষ্ঠ বিষয়াক অতিক্রম কৰি আই পি এছ মনোনীত হৈছিল৷ দক্ষ আৰক্ষী বিষয়া ৰূপে আই পি এছ মনোনীত হোৱা এইজন ৰৌণক আলী হাজৰিকাই কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি সোঁৱে–বাঁৱে চলাইছিল কেৱল লুণ্ঠন৷ পৰিয়ালৰ সৈতে ৯বাৰকৈ বিদেশ ভ্রমণ কৰা নিলম্বিত আৰক্ষী বিষয়াজনে তেওঁৰ দুই সন্তানৰ পঢ়া–শুনাৰ বাবদ ২০১১ চনৰ পৰা ২০১৯ চনলৈ ১.৭৫ কোটি টকা ব্যয় কৰিছিল৷ সেয়াই নহয়, এগৰাকী আৰক্ষী বিষয়া হিচাপে লাভ কৰা চাকৰিৰ দৰমহাৰে গুৱাহাটী মহানগৰীৰ কেইবাঠাইতো সম্পত্তিৰ পাহাৰ গঢ়া ৰৌণক আলী হাজৰিকাই হিমাচল প্রদেশৰ ছিমলাতো নির্মাণ কৰিছিল এক বিশাল ৰিজ’ট৷ আয়তকৈ অধিক সম্পত্তি গঢ়া নিলম্বিত বিষয়াজনৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে গোচৰ তৰাৰ পাছতো সম্পূর্ণৰূপে বেপৰোৱা হৈ থকা ৰৌণক আলী হাজৰিকাই গ্রেপ্তাৰৰ পাছতো তদন্তকাৰী দলক সহযোগ কৰা নাই৷

 এই সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জানিবলৈ দিয়া মতে, নিলম্বিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বহু ডকুমেণ্টৰী এভিডেন্স লাভ কৰা হৈছে৷ চাকৰিৰ কার্যকালত তেওঁ কিদৰে ধনৰ লেনদেন কৰিছিল, ধনৰ উৎস কি আছিল, বিদেশ ভ্রমণৰ সময়ত তেওঁৰ বেংক একাউণ্টত কিদৰে ধনৰ আমদানি হৈছিল এই সমগ্র তথ্য ইতিমধ্যে লাভ কৰা হৈছে৷ কেইবাটাও জটিল বিষয় তথা ধনৰ লেনদেনক লৈ তেওঁক সোধা–পোছা কৰিব লগা আছে৷

উল্লেখ্য যে বঙাইগাঁৱত আৰক্ষী অধীক্ষক হিচাপে থকা সময়ত ৰৌণক আলী হাজৰিকাই নিজস্ব বেংক একাউণ্টৰ লগতে পৰিয়ালৰ সদস্যৰ নামত থকা তিনিটা বেংক একাউণ্টত বিশেষ পৰিমাণৰ ধন জমা হৈছিল৷ সেয়াই নহয়, বিগত সময়ছোৱাত তেওঁৰ একাউণ্টত তিনি কোটি টকা জমা হোৱাৰ লগতে বৃহৎ পৰিমাণৰ ধনৰো লেনদেন চলিছিল৷ এই লেনদেনৰ সবিশেষ এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে কালি গ্রেপ্তাৰৰ পাছত নিশা পাণবজাৰ থানাত ৰৌণক আলী হাজৰিকাক কেইবাজনো শীর্ষ আৰক্ষী বিষয়াই জেৰা চলায়৷ কালি নিশা পাণবজাৰ থানাত কটোৱাৰ পাছত আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয়৷ ইফালে নিলম্বিত আৰক্ষী বিষয়াজনৰ জামিনৰ বাবে আদালতত এক আবেদন দাখিল কৰা হৈছিল৷ অহা ১৬ অক্টোবৰত এই আবেদনৰ শুনানি গ্রহণ কৰা হ’ব৷
বিতর্কিত বিধায়ক শ্বেৰমান আলীক কাৰাগাৰত গ্রেপ্তাৰ ভিজিলেঞ্চৰ
বিপদে লগ এৰা নাই বিতর্কিত বিধায়ক শ্বেৰমান আলীক৷ শ্বহীদক নৰহত্যাকাৰী আৰু ঘাতক আখ্যা দি গ্রেপ্তাৰ হোৱা বাঘবৰৰ বিধায়কজনক এইবাৰ বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী গোটে কাৰাগাৰত গ্রেপ্তাৰ কৰিছে৷ ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা শ্বেৰমানক কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব৷ আদালততে বিশেষ তদাৰকী শাখাই শ্বেৰমানক নিজৰ জিম্মাত বিচাৰি আবেদন জনোৱাৰ সম্ভাৱনা আছে৷ আজি এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ অধীক্ষক ৰ’জী কলিতাই৷

উল্লেখ্য যে ২০১৬–১৭ চনত পথ উন্নয়নৰ বাবে মোকলাই দিয়া বিধায়ক পুঁজিৰ ধন শ্বেৰমান আলীৰ নেতৃত্বত আত্মসাৎ হৈছিল৷ এই ধন আত্মসাতৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ হৈছে খণ্ড উন্নয়ন বিষয়াকে ধৰি ৬জনকৈ বিষয়া৷ এই বিষয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই থকা কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমানক এইবাৰ মুখ্যমন্ত্রীৰ তদাৰকী গোটে গ্রেপ্তাৰ কৰি জেৰা চলোৱাটো প্রায় স্পষ্ট হৈ পৰিছে৷

You might also like