নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জমিদাৰে ৰায়তক দিয়াৰ দৰে সমষ্টি ভগাই দিছে কংগ্রেছে

কংগ্রেছক ক্ষুৰধাৰ সমালোচনা অখিল গগৈৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  আপ্রাণ চেষ্টা কৰিও কংগ্রেছৰ মিত্র হ’ব নোৱাৰিলে অখিল গগৈ৷ অখিল গগৈয়ে বিচৰা অনুসৰি থাওৰা সমষ্টি কংগ্রেছে এৰি নিদিয়া বাবেই কংগ্রেছ–ৰাইজৰ দলৰ মাজত মিত্রতা হৈ নুঠিল৷ কংগ্রেছৰে মিত্রতাৰ দুৱাৰ বন্ধ হোৱাত এইবাৰ কংগ্রেছৰ সমালোচনাত মুখৰ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ৷

বুধবাৰে সংবাদ মাধ্যমৰ আগত কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি বিধায়ক গগৈয়ে কয় যে কংগ্রেছ দলে জমিদাৰে ৰায়তক দিয়াৰ দৰে সমষ্টি ভগাই দিছে৷ যোৱা বিধানসভা নির্বাচনত থাওৰা–মৰিয়নি সমষ্টিত কংগ্রেছ জয়ী হৈছিল বুলিয়েই এইবাৰো উপ–নির্বাচনত জয়ী হ’ব বুলি ভাবি যি ৰাজনৈতিক অৱস্থান লৈছে, সেয়া বিজেপিবিৰোধী শক্তিৰ বাবে ক্ষতিকাৰক৷ থাওৰা–মৰিয়নিত কংগ্রেছ জয়ী হ’ব নোৱাৰে৷ কংগ্রেছৰ প্রতি ৰাইজৰ আস্থা নাই৷ থাওৰাত ৰাইজৰ দল এক নম্বৰত, বিজেপি দুই নম্বৰত আৰু কংগ্রেছ তিনি নম্বৰ স্থানত থাকিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে কংগ্রেছে আন দলক তেওঁলোকৰ তলত খেতি কৰা ৰায়ত বুলি ভাবে৷ জমিদাৰৰ নিচিনাকৈ তেওঁলোকে আন দলৰ সৈতে আলোচনা নকৰাকৈ সমষ্টি ভগাই দিয়ে৷ কাৰোবাৰ লগত মিলামিছা কৰিব লাগিলে কথা পাতিব লাগে৷ কিন্তু কংগ্রেছে ৰাইজৰ দলৰ লগত কোনো কথা–বতৰা নপতাকৈ গুৱাহাটীত বহিয়েই তেওঁলোকক ভৱানীপুৰ এৰি দিব বিচাৰিলে৷ অথচ ৰাইজৰ দলক থাওৰাহে লাগে, ভৱানীপুৰ নালাগে৷ কংগ্রেছে বিজেপিৰ শ্রুতলিপি মতেই ৰাইজৰ দলক থাওৰা সমষ্টি এৰি দিব বিচৰা নাই বুলি গুৰুতৰ অভিযোগ কৰি গগৈয়ে কয় যে অহা ৮ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ আশা কৰিছোঁ কংগ্রেছৰ সুমতি হওক আৰু ৰাইজৰ দলৰ লগত আলোচনা কৰি থাওৰা সমষ্টি এৰি দিব৷ এয়া কংগ্রেছৰ প্রতি শেষ আহ্বান৷

ইপিনে, অখিল গগৈক তীব্র কটাক্ষ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে অখিল গগৈক প্রদেশ কংগ্রেছৰ তৰফৰ পৰা লাইচেঞ্চ দিছে৷ হেমকোষৰ ভাল–বেয়া যিমান শব্দ আছে, সকলো আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰিব৷ ৰাইজ যদি অখিল গগৈৰ মতে চলে, আমাক দায়ী বুলি ভাবিলেও হ’ব৷ তেওঁ আৰু কয় যে আমাৰ মূল লক্ষ্য অখিল গগৈ নহয়৷ অখিল গগৈ আমাৰ প্রতিদ্বন্দ্বীও নহয়, শত্রুও নহয়৷ মিত্রতাৰ বাবে অখিল গগৈয়েহে হাত আগবঢ়াইছিল, আমি কোৱা নাছিলোঁ কোন বিজেপিৰ এজেণ্ট, কোন কংগ্রেছৰ এজেণ্ট সেই কথা অসমৰ ৰাইজে ক’ব৷ অখিল গগৈয়ে আহ্বান জনোৱাৰ দৰে থাওৰা সমষ্টিক যি বিবেচনা সম্ভৱপৰ নহয় বুলি পুনৰ স্পষ্ট কৰি দি বৰাই কয় যে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে এবাৰ প্রার্থিত্ব ঘোষণাৰ পাছত সেয়া পুনৰ বিবেচনা সম্ভৱ নহয়৷

You might also like