১৬১ বছৰত পদাৰ্পণ ধুবুৰীৰ দত্তবাৰীৰ দুৰ্গাপূজা
নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ বৃহত্তৰ ধুবুৰীৰ আটাইতকৈ পুৰণি দূৰ্গাপূজাই এইবেলি ১৬১ বছৰত ভৰি দিব৷ স্থানীয় ৰাইজৰ মাজত “দত্তবাৰীৰ পূজা” বুলি পৰিচিত এই পূজাখন আৰম্ভ হৈছিল ১৮৬১ চনত৷ পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী ৺ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল এই পাৰিবাৰিক দূৰ্গা পূজাখন৷ প্ৰথমাৱস্থাত পূজাখনত বলি প্ৰথা আছিল যদিও ৰাজমোহন দত্তৰ দুগৰাকী কৃতি পুত্ৰ কিশোৰ মোহন দত্ত আৰু বেণী মাধৱ দত্তৰ আকষ্মিক মৃত্যুৰ পিছৰ পৰা বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়৷
জানিব পৰা মতে পূৰ্বে সন্ধি পূজাৰ দিনা এই পাৰিবাৰিক পূজাখনত ১০৮ টা ছাগলী বলি দিয়া হৈছিল৷ কিন্তু ৺ৰাজমোহন দত্তৰ দুই প্ৰতিষ্ঠিত সন্তানৰ অকাল মৃত্যুৰ পিছত মাতৃ ৺ৰাশমনিয়ে শোক আৰু অভিমানত পূজাখন বন্ধ কৰি দিয়ে৷ পিছত ৺ৰাজমোহন দত্ত আৰু তেখেতৰ তিনি পুত্ৰ ৺প্যাৰিমোহন দত্ত, ৺শশীমোহন দত্ত, ৺ললিতমোহন দত্তৰ উদ্যোগত পূজাখন পুনৰ আৰম্ভ হয় যদিও তেতিয়াৰ পৰা পৰিয়ালটোৰ দুৰ্গাপূজাত বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়। উল্লেখ্য যে, দত্তবাৰীৰ এই দূৰ্গাপূজাখনৰ প্ৰতিমা, পূজাৰ প্ৰণালী আৰু বিসৰ্জনৰ আছে কেতবোৰ বিশেষ বৈশিষ্ট৷ পূৰ্বৰ দৰেই এতিয়াও পৰিয়ালটোৰ দেৱী প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ হয় জন্মাষ্টমীৰ দিনা৷
১৫ ফুট উচ্চতাৰ তথা স্থানীয় ভাৱে “একচালা” শৈলীৰূপে পৰিচিত দুৰ্গা প্ৰতিমাৰ শৰীৰ আৰু বস্ত্ৰৰ ৰং, অংগ সজ্জা, মুখ আৰু চকুৰ অভিব্যক্তি পূজাখনৰ আৰম্ভণিৰে পৰা এতিয়াও সলনি হোৱা নাই। অৱশ্যে পূৰ্বে দেৱীৰ বস্ত্ৰ আৰু মুকুট মাটিৰে নিৰ্মাণ কৰা হৈছিল যদিও দশমীৰ বিসৰ্জনৰ সময়ত প্ৰতিমাৰ ওজনৰ হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে মাটিৰ ঠাইত কাপোৰৰ বস্ত্ৰ পৰিধান কৰোৱা হয় দেৱীক।
‘‘দত্তবাৰী’’ এই দুৰ্গা পূজাৰ আছে কেতবোৰ বিশেষ পৰম্পৰাও। মহালয়াৰ পিছদিনা প্ৰতিপদৰ পৰা আৰম্ভ হয় এই পূজাখন। পূজা আৰম্ভ হোৱাৰ দিনৰ পৰা দশমী পূজা সম্পন্ন নোহোৱালৈকে প্ৰতিদিন ধলপুৱাতে ‘ঢাক’ বজাই ‘দেবীক শয়নৰ পৰা উঠোৱাৰ এক বিশেষ লোকাচাৰো আছে পূজাখনৰ৷ ইয়াতে উল্লেখনীয় এয়াও যে, সুদূৰ জাৰ্মানীৰ পৰা আহি এই পৰিয়ালটোৰ বোৱাৰী হোৱা তথা প্ৰখ্যাত ভাৰতনাট্যম আৰু কত্থক নৃত্যশিল্পী ইৰিকা নন্দীয়ে ১৯৬৯ চনৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ দুৰ্গাপূজাৰ মণ্ডপত প্ৰদৰ্শিত কৰা আৰতিও ‘‘দত্তবাৰী’’ৰ পূজাৰ এক আন এক আকৰ্ষণ৷
Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী